৫মিনিটত পঢ়ক মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ ১০টা বিশেষ ঘোষণা...

৫মিনিটত পঢ়ক মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ ১০টা বিশেষ ঘোষণা...
Published on
Updated on

ডিজিটেল ডেস্কঃ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেলৰ। এই সংবাদমেলৰ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ ঘোষণা-

১. ৰাজ্যৰ ১৪খন জিলাৰ ৬৯৮খন গাঁও বানপানীত প্লাৱিত হৈছে।  ৰাজ্যৰ ২,৭০,৬২৮টা পৰিয়াল এতিয়ালৈকে ক্ষতিগ্রস্ত।  ৰাজ্যত প্রথমটো ঢৌ পাৰ হোৱাৰ পিছত এইটো দ্বিতীয় বান।

২. সোৱণশিৰি নদী জলবিদ্যুৎ প্রকল্পত ৪০৯ কিউৱিক পানী এৰি দিছে। লখিমপুৰৰ ২১ গাঁৱৰ ১১ হাজাৰ পৰিয়াল ক্ষতিগ্রস্ত হৈছে। ডিব্রুগড়ত বিপদসীমাৰ ওপৰেৰে বাগৰিছে ব্রহ্মপুত্রৰ পানী।  চহৰৰ পানী ব্রহ্মপুত্রলৈ উলিয়াই দিব নোৱৰাৰ ফলত পানী হৈছে। নৈশ বাছসমূহ আৰক্ষীৰ নিৰাপত্তাৰ বেষ্টনিত লৈ যোৱা হ’ব।  

৩. কাজিৰঙাতো বান পৰিস্থিতি যথেষ্ট শোচনীয় হৈছে। বানপানীৰ ফলত ক্ষতিগ্রস্ত হৈছে জীৱ-জন্তু। কাজিৰঙাত ২৩৩ চেকপ’ষ্টৰ ভিতৰৰ ৯৫টা বন শিবিৰ প্লাৱিত।

৪. বান পৰিস্থিতিৰ বাবেই বাতিল কৰা হৈছে জিলা আয়ুক্ত সন্মিলন।  বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনি মন্ত্রীক দায়িত্ব।  মন্ত্রী ৰঞ্জিৎ দাস, পীয়ুষ হাজৰিকা, সঞ্জয় কিষাণক এই দায়িত্ব। বিধায়কসকলক ৰাইজৰ মাজত থকাৰ আহ্বান।

৫. দ্বিতীয়টো বানত এতিয়ালৈকে ভঙা নাই মথাউৰি। অহা ৪৮ ঘণ্টাত ৰাজ্যত বানে ল’ব ভয়াৱহ ৰূপ। অৰুণাচলত হোৱা বৰষুণৰ বাবে অসমত ভয়াৱহ পৰিস্থিতি হ’ব।  প্রধানমন্ত্রীয়ে ফোনযোগে বুজ লৈছে ৰাজ্যৰ বান পৰিস্থিতিৰ।

৬. শিক্ষা সেতু এপক লৈয়ো মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য।  এপটোত কোনো সমস্যা নাই বুলি একাংশ শিক্ষকে জনাইছে।  ইয়াক লৈ এখন তিনিজনীয়া কমিটী গঠন কৰা হৈছে।  তিনিগৰাকী অধ্যাপকক লৈ গঠন কৰা হৈছে এই কমিটী।কমিটীত আছে অধ্যাপক পৰমেশ্বৰ আয়াৰ।  অধ্যাপক শৰৎ কুমাৰ পাত্র আৰু অধ্যাপক ড০ হিতেন চৌধুৰী।

৭. পাহাৰীয়া চহৰ,পিছপৰা অঞ্চলৰ ৩খন বিদ্যালয় পৰিদৰ্শন কৰিব কমিটীয়ে। স্কুল পৰিদৰ্শন কৰি সমস্যা থাকিলে কমিটীয়ে জনাব চৰকাৰক।  শীঘ্রেই কমিটীয়ে প্রকাশ কৰিব ই-মেইল একাউণ্ট ই-মেইলযোগে শিক্ষকসকলে জনাব পাৰিব নিজৰ অভিজ্ঞতা।  অহা ১ ছেপ্টেম্বৰৰ ভিতৰত প্রকাশ কৰা হ’ব কমিটীৰ প্রতিবেদন।

৮. নলবাৰীত আৰম্ভ কৰা হৈছিল ফ্রি কিডনী ডায়েলেছিছ। ২০১৯ চনৰ জুনত আৰম্ভ কৰা হৈছিল এই কেন্দ্র। বৰ্তমান ৰাজ্যৰ ৩৩খন জিলাৰ ৪১টা স্থানত এই কেন্দ্র স্থাপন কৰা হৈছে। প্রথম বৰ্ষত ২৪ হাজাৰ ফ্রি ডায়েলেছিছ চেছন কৰা হৈছিল। ২০২৪ চনত ২,২১,১১৬টা ডায়েলেছিছ চেছন কৰা হৈছে। বিগত বৰ্ষত ৫,৩৪৭গৰাকী ৰোগীয়ে ২,২১,০০০ ফ্রি ডায়েলেছিছ চেছন কৰিছে।

৯. নতুন আইন সন্দৰ্ভত মুখ্যমন্ত্রীৰ মন্তব্য। নতুন আইন বলৱৎ হোৱাৰ পিছতে ৰাজ্যত ৰুজু প্রথমটো গোচৰ। নগাঁৱত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৰুজু হৈছে। তিনিওখন অসমত ভালদৰে বলৱতৰ বাবে আৰক্ষীক দিয়া হৈছে প্রশিক্ষণ। ক্রাইম চিন অফিচাৰ হিচাপে ৫০০ আৰক্ষীক প্রশিক্ষণ।

১০. ন্যায় সংহিতাত আছে অন লাইন এজাহাৰৰ ব্যৱস্থা।  অসমৰ সৈতে জড়িত বিশেষ বিষয়টো গুৰুত্ব প্রদান ন্যায় সংহিতাত।  বাল্য বিবাহৰ বিৰুদ্ধে আমি কাম কৰি আহিছিলো।  বাল্য বিবাহ কৰিলে নাবালিকাৰ সৈতে ৰাখিব নোৱাৰিব যৌন সম্পৰ্ক।  ১৮ বছৰ বয়সৰ তলৰ যুৱতীৰ লগত ৰাখিব নোৱাৰিব যৌন সম্পৰ্ক।  ১৬-১৭ বছৰৰ যুৱতীক বিবাহ কৰিলে ধৰ্ষণৰ অভিযোগত অভিযুক্ত হ’ব।

 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in