মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা যোগী আদিত্যনাথক আঁতৰাবলৈ ক'ত, কেতিয়া, কোনে কৰিছিল ষড়যন্ত্ৰ...

মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা যোগী আদিত্যনাথক আঁতৰাবলৈ ক'ত, কেতিয়া, কোনে কৰিছিল ষড়যন্ত্ৰ...

Published on

ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ পৰা আঁতৰাব বিচাৰিছিল যোগী আদিত্যনাথক। জেলৰ পৰা কিছুদিনৰ বাবে বাহিৰলৈ আহি অৰবিন্দ কেজৰিৱালে উত্থাপন কৰিছিল এই অভিযোগ। দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেল পাতি দাবী কৰিছিল যে, আহি থকা উত্তৰ প্ৰদেশৰ নিৰ্বাচনত যোগীক মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰোৱাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিৰ ভিতৰচৰাতে।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই দাবী যে সচাঁ আছিল সেই কথাই পুনৰ এবাৰ প্ৰকাশ হৈছে এখন গ্ৰন্থ। দেশৰ বিশিষ্ট সাংবাদিক শ্যামলাল যাদৱৰ কিতাপ At The Heart Of Power: The Chief Ministers Of Uttar Pradeshত প্ৰকাশ পাইছে যে, ২০২২ৰ নিৰ্বাচনতে যোগী আদিত্যনাথক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰ কৰিবৰ বাবে ষড়যন্ত্ৰ চলিছিল।

উক্ত গ্ৰন্থখনত লিখা হৈছে যে, ২০২২ৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাত্ৰ ৯মাহ সময় আছিল। এনে সময়তে লক্ষ্ণৌত বিজেপি আৰু আৰ এছ এছৰ উচ্চ পৰ্যায়ৰ নেতাসকলৰ মাজত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকতে সিদ্ধান্ত লোৱা হৈছিল যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এইবাৰ সলনি কৰিব লাগে। কিন্তু পিছৰ পৰ্যায়ত এক সমীক্ষাত পোহৰলৈ আহিছিল যে, যোগীক যদি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হয়, তেন্তে বিজেপিৰ যথেষ্ট লোকচান হব। তাৰ পিছতে বিজেপিয়ে যোগী আদিত্যনাথক পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিছিল।

কিতাপখনত লগতে উল্লেখ কৰা হৈছে যে, যোগী আদিত্যনাথক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আতঁৰাবলৈ একেখন ৰাজ্যৰে বিজেপিৰ সভাপতিৰ দায়িত্বত থকা কেশৱ প্ৰসাদ মৌৰ্যই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ লিখিছিল ১৬পৃষ্ঠাজোৰা বিশেষ পত্ৰ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ প্ৰদেশত যোগী আদিত্যনাথ আৰু কেশৱ প্ৰসাদ মৌৰ্যৰ মাজত সৰ্ম্পক বৰ এটা ভাল নহয়। যাৰ পৰিপ্ৰেক্ষিততে এনে অৱস্থাৰ সূচনা হৈছিল।

উক্ত ঘটনাৰ কথা গম পায়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিৰ ভিতৰচোঁৱাত চলি থকা এই কন্দলৰ বিষয়ে ৰাজহুৱা কৰিছিল। অৱশ্যে বিজেপিয়ে এই বাবী প্ৰতিবাৰেই নস্যাত কৰি আহিছে।

মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা যোগী আদিত্যনাথক আঁতৰাবলৈ ক'ত, কেতিয়া, কোনে কৰিছিল ষড়যন্ত্ৰ...
কমলপুৰত কৃতীমানক সম্বৰ্ধনা জ্ঞাপন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in