কৰ্কট ৰোগৰ চিকিৎসাত অত্যাধুনিক প্ৰযুক্তি কৌশলৰ ব্যৱহাৰৰ সন্দৰ্ভত গুৱাহাটীত বিশেষ আলোচনা...

কৰ্কট ৰোগৰ চিকিৎসাত অত্যাধুনিক প্ৰযুক্তি কৌশলৰ ব্যৱহাৰৰ সন্দৰ্ভত গুৱাহাটীত বিশেষ আলোচনা...

author-image
Dimpul Borgohain
New Update
কৰ্কট ৰোগৰ চিকিৎসাত অত্যাধুনিক প্ৰযুক্তি কৌশলৰ ব্যৱহাৰৰ সন্দৰ্ভত গুৱাহাটীত বিশেষ আলোচনা...

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উত্তৰ-পূবত বৃদ্ধি পাইছে কেঞ্চাৰত আক্ৰান্ত লোকৰ সংখ্যা। প্ৰকাশিত প্ৰতিবেদনতো প্ৰকাশ পাইছে ভয়ংকৰ তথ্য। কেঞ্চাৰৰ এনে বিধ্বংসী ৰূপৰ সৈতে মোকাবিলা কৰিবলৈ শনিবাৰে গুৱাহাটীৰ হোটেল মেন'ৰত নতুন দিল্লীস্থিত প্ৰেডঅমিক্স টেকন’লজিছে এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।

এই অনুষ্ঠানতে কেঞ্চাৰৰ আগতীয়া সাৱধানতা কেনেকৈ অৱলম্বন কৰিব পাৰি আৰু ইয়াৰ সমাধানৰ বাবে অত্যাধুনিক প্ৰযুক্তি কৌশলৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। অনুষ্ঠানটোত কৰ্কট ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ চি এম ই (Continuing Medical Education) পদ্ধতিৰ ওপৰত বিশদ আলোচনা কৰা হয়। উল্লেখ্য যে, চি এম ই Continuing Medical Education হৈছে এক সম্পূৰ্ণ নতুন চিকিৎসা পদ্ধতি, যি পদ্ধতিৰ জৰিয়তে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বে তেজত জমা হোৱা মেটাবলাইটৰ বিষয়ে অধ্যয়ন চলাই তাৰ সাৱধানতা অৱলম্বন কৰিব পাৰি।

চি এম ই (Continuing Medical Education) পদ্ধতিত থকা প্ৰত্যাহ্বান আৰু সম্ভাৱনা সন্দৰ্ভত আলোচিত এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকে উত্তৰ পূবৰ কৰ্কট চিকিতসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ এম এন বৰুৱাৰ লগতে জ্যেষ্ঠ বিজ্ঞানী ডাঃ কান্নুৰী ভি এছ ৰাও। উল্লেখ কৰা প্ৰয়োজন যে, ডাঃ এম এন বৰুৱা হৈছে প্ৰেডঅমিক্স টেকন’লজিছৰ পৰামৰ্শ সমিতিৰ এগৰাকী সদস্যও।

অনুষ্ঠানটিত কেঞ্চাৰ ধৰাৰ পৰাৰ পাছতে ল'বলগীয়া সাৱধানতা আৰু শেহতীয়াকৈ কৰ্কট ৰোগৰ চিকিতসাৰ বাবে ন ন প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশদভাৱে আলোচনা কৰা হয়। প্ৰণিধানযোগ্য যে, নতুন দিল্লীস্থিত এই সংস্থাটোৱে Continuing Medical Education চমুকৈ চি এম ই পদ্ধতিৰ জৰিয়তে কৰ্কট ৰোগক আগতীয়াকৈ ধৰা পেলোৱাৰ ক্ষেত্ৰত অতি দক্ষতাৰে কাম কৰি আছে।

শনিবাৰৰ এই গাম্ভীৰ্যপূৰ্ণ তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত ড° গাজী নাছিম আহমেদ, অধ্যাপক জ্যোতিৰ্ময় ফুকন, ড° চিদানন্দ ভূঞা, ডি আৰ ভবেশ কুমাৰ দাস, অধ্যাপক বিৰাজ কুমাৰ দাস আৰু অধ্যাপক সুভাষ চন্দ্ৰ গুপ্তায়ো মত বিনিময় কৰে। অনুষ্ঠানটোত জ্যেষ্ঠ চিকিতসা বিজ্ঞানী ডাঃ কান্নুৰী ভি এছ ৰাৱে কৰ্কট ৰোগক আগতীয়াকৈ ধৰা পেলোৱা আৰু তাৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনা আগবঢ়ায়।

গুৱাহাটী