যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে চিকিৎসক মৃদুপৱন নাথ...

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে চিকিৎসক মৃদুপৱন নাথ...

author-image
Asomiya Pratidin
New Update
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে চিকিৎসক মৃদুপৱন নাথ...

ডিজিটেল ডেস্কঃ চি এম ভিজিলেন্সতত ডাঃ মৃদুপৱন নাথ। আয় বৰ্হিভূত সম্পত্তিৰ সন্দৰ্ভত জেৰা চলোৱা হ'ব চিকিৎসকগৰাকীক। মঙলবাৰে চিকিৎসকগৰাকীৰ ঘৰত অভিযান চলাইছিল চি এম ভিজিলেন্সৰ দলে। বহু সামগ্ৰীৰ লগতে ১৪লাখ টকা জব্দ কৰিছিল অভিযানকাৰী দলে।

উল্লেখযোগ্য যে ১০ঘণ্টাজুৰি অভিযান চলিছিল চিকিৎসক মৃদুপৱন নাথৰ ৰুক্মিণীগাঁওস্থিত বাসগৃহত। অভিযান কালত জব্দ কৰা হৈছিল নগদ ধনসহ বৃহৎ পৰিমাণৰ সোণৰ গহণাৰ লগতে আয় বৰ্হিভূত সম্পত্তিৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ। ইয়াৰোপৰি চৰকাৰী চিকিৎসক হৈও বিভিন্ন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা আগবঢ়োৱাৰ বহু তথ্য পোহৰলৈ আহিছে।

পোহৰলৈ আহিছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ। বিভাগীয় অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰিছিল চিকিৎসকগৰাকীয়ে। ৮/২৪ নম্বৰত ভিজিলেন্সত গোচৰ ৰুজু কৰিছে ডাঃ মৃদুপৱন নাথৰ বিৰুদ্ধে।

মহানগৰীৰ বহু বেচৰকাৰী চিকিৎসালয়ত শ্বেয়াৰ আছে চিকিৎসক গৰাকীৰ। কিতছু দিন পূৰ্বে কামত গাফিলতিৰ বাবে ডিফু মেডিকেল কলেজ হাস্পাতালৰ পৰা নিলম্বন কৰা হৈছিল মৃদুপৱন নাথক। অসম চিকিৎসা পঞ্জীয়ন পৰিষদে ৬মাহৰ বাবে চিকিৎসক পদো বাতিল কৰিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহত আৱদ্ধ হোৱাৰো গোচৰ ৰুজু কৰিছিল প্ৰথমা পত্নী চিকিৎসক মালবিকা বৰ্মণে।

Also Read: আৰক্ষীৰ গুলিত আহত দুধৰ্ষ ডকাইত নুৰ আলম...

cm vigilance