ডিজিটেল ডেস্কঃ ইৰাণৰ এটা কয়লা খনিত দেওবাৰে সংঘটিত হোৱা গেছ বিস্ফোৰণৰ ফলত অতি কমেও ৫১ জন লোক নিহত হৈছে। এই ঘটনাত আহত হৈছে অতি কমেও ২০ জনকৈ লোক। চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই বিস্ফোৰণৰ ঘটনা দেশখনৰ দক্ষিণ খুৰাছান প্ৰান্তত সংঘটিত হয়।
অঞ্চলটোৰ তাবাছ খনিত হোৱা বিস্ফোৰণৰ সময়তো খনিটোত কাম চলি থকা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। তথ্য অনুসৰি বিস্ফোৰণৰ সময়ত কয়লা খনিটোত প্ৰায় ৭০ জন লোক কৰ্মৰত অৱস্থাত আছিল। বিস্ফোৰণৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
আহত লোকসকলক উদ্ধাৰ কৰি সমীপৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি প্ৰকাশ কৰিছে স্থানীয় সংবাদ মাধ্যমে। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতি মাছুদ পেছকিয়ানে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ইৰাণত সময়ে সময়ে এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ২০১৭ চনতো দেশখনৰ এক কয়লা খনিত আন এক ভয়াৱহ বিস্ফোৰণ সংঘটিত হৈছিল।
এই বিস্ফোৰণত ৪২ জন লোকৰ মৃত্যু হোৱা বুলি পোহৰলৈ আহিছিল। তাৰ পূৰ্বে ২০১৩ চনত দুটা ভিন্ন খনিত হোৱা এনে বিস্ফোৰণত ১১ জন শ্ৰমিকৰ মৃত্যু হৈছিল। তাৰ পূৰ্বেও ২০০৯ চনত সংঘটিত হোৱা এক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল প্ৰায় ২০ জন শ্ৰমিকে। সাধাৰণতে সুৰক্ষা ব্যৱস্থাত থকা আসোঁৱাহৰ বাবেই ইৰাণৰ খনন অঞ্চলত এনে বিস্ফোৰণ তথা দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আহিছে।
আনহাতে খনিত কৰ্মৰত শ্ৰমিকসকলে এনে দুৰ্ঘটনাৰ সময়ত খনিৰ পৰা বাহিৰলৈ ওলাবলৈ কোনো জৰুৰীকালীন সেৱা উপলব্ধ নথকাৰ বাবে মৃত্যুমুখত পৰি আহিছে। উল্লেখ্য যে, তৈল সম্পদত চহকী ইৰাণ সমগ্ৰ বিশ্বতে তেল উৎপাদনৰ বাবে বিশেষভাৱে পৰিচিত। একে সময়তে ইৰাণত আন বিভিন্ন ধৰণৰ খনিজ পদাৰ্থও যথেষ্ট পৰিমাণে উপলব্ধ। ইৰাণে বছৰি প্ৰায় ৩৫ লাখ টন কয়লা ব্যৱহাৰ কৰে যদিও প্ৰতি বছৰে দেশখনত থকা খনিৰ পৰা মাত্ৰ ১৮ লাখ টন কয়লাহে আহৰণ কৰি আহিছে।