শচীন তেণ্ডুলকাৰলৈ ‘কৰ্ণেল চি কে নাইডু জীৱনজোৰা কৃতিত্বৰ বঁটা’

প্ৰাক্তন ক্ৰিকেটাৰ তথা লিটল মাষ্টাৰ শচীন তেণ্ডুলকাৰলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে আগবঢ়াইছে বিশেষ সন্মান। ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁক ‘কৰ্ণেল চি কে নাইডু জীৱনজোৰা কৃতিত্ব বঁটা’ৰে সন্মানিত কৰা হয়। 

author-image
Asomiya Pratidin
New Update
শচীন তেণ্ডুলকাৰলৈ ‘কৰ্ণেল চি কে নাইডু জীৱনজোৰা কৃতিত্বৰ বঁটা’

শচীন তেণ্ডুলকাৰলৈ ‘কৰ্ণেল চি কে নাইডু জীৱনজোৰা কৃতিত্বৰ বঁটা’

ডিজিটেল ডেস্ক : প্ৰাক্তন ক্ৰিকেটাৰ তথা লিটল মাষ্টাৰ শচীন তেণ্ডুলকাৰলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে আগবঢ়াইছে বিশেষ সন্মান। ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁক ‘কৰ্ণেল চি কে নাইডু জীৱনজোৰা কৃতিত্ব বঁটা’ৰে সন্মানিত কৰা হয়। 

উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত হোৱা ব’ৰ্ডৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেণ্ডুলকাৰৰ হাতত এই বঁটা তুলি দিয়ে আই চি চিৰ অধ্যক্ষ জয় শ্বাহে। বঁটা গ্ৰহণ কৰি তেণ্ডুলকাৰে অতীত ৰোমন্থন কৰে। লগতে তেওঁ অনুষ্ঠানত উপস্থিত থকা তৰুণ ক্ৰিকেটাৰসকলক মূল্যৱান পৰামৰ্শ আগবঢ়ায়। 

উদীয়মান ক্ৰিকেটাৰসকলক মূল্যবোধ আৰু মনঃসংযোগ ধৰি ৰখাৰ বাবে পৰামৰ্শ আগবঢ়াই লিটল মাষ্টাৰ শচীনে। যিকোনো প্ৰলোভনৰ দিশে আগ নাবাঢ়িবলৈও পৰামৰ্শ দিয়ে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

cricket sachin tendulkar