আজিৰে পৰা শিৱসাগৰত কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক অভিৱৰ্তনঃ কাইলৈ উপস্থিত থাকিব দলটোৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰধান সম্পাদক...

শাসনাধিস্ত চৰাকাৰক চোকা সমালোচনা

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা শিৱসাগৰত কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক অভিৱৰ্তনঃ কাইলৈ উপস্থিত থাকিব দলটোৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰধান সম্পাদক...

cpim

ডিজিটেল সংবাদ শিৱসাগৰঃ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ২৪ তম ৰাজ্যিক অধিৱেশনখন আজিৰে পৰা শিৱসাগৰ চহৰত আৰম্ভ হৈছে। শিৱসাগৰ চহৰৰ টাই আহোম কৃষ্টি বিকাশ কেন্দ্ৰৰ খেলপথাৰত আজি ৰাজহুৱা সমাৱেশ অনুষ্ঠিত হয়।

অধিৱেশন উদ্বোধনী উপলক্ষে আয়োজন কৰা এক বিশাল সমদলত দলীয় সমৰ্থকৰ লগতে বিভিন্ন জাতি-ধৰ্মৰ সংস্কৃতি প্ৰদৰ্শন কৰা হয়। মিছিং, চাহ জনজাতি, দেউৰী, আদিৰ লগতে বিভিন্ন ধৰ্মৰ সংস্কৃতি পৰম্পৰা প্ৰদৰ্শন কৰা উক্ত সমদলত কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক প্ৰধান সম্পাদক মুনীন মহন্তই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে চলোৱা অপশাসনক লৈ সৰৱ হৈ কয় যে, দেশ আৰু জাতি ৰক্ষাৰ খাতিৰত এই দলৰ চৰকাৰক শাসনৰ পৰা উফৰাবলৈ কমিউনিষ্ট পাৰ্টি বদ্ধপৰিকৰ।কা আইনৰ জড়িয়তে দেশৰ সাংবিধানিক চৰিত্ৰ ভংগ কৰা এইখন চৰকাৰৰ বিৰুদ্ধে ৰাজ্যিক কমিউনিষ্ট দলৰ নীতি আৰু পৰিকল্পনা এই অভিৱৰ্তনত স্থিৰ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে দলৰ পৰিকল্পনা চিন্তাৰ সন্দৰ্ভত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে- নতুন অর্থনৈতিক নীতিৰ ফলত দেশৰ চৰকাৰী খণ্ডত গঢ়ি উঠা সৰু-বৰ উদ্যোগ আৰু খাৰুৱা তেলৰ দৰে প্ৰাকৃতিক সম্পদসমূহ বৃহৎ পুঁজিপতি গোষ্ঠীৰ হাতত এপদ এপদকৈ গতাই দিয়াৰ পথ গ্ৰহণ কৰাৰ পাছত কেঁচামালৰ ভিত্তিত গঢ়ি উঠা উদ্যোগবোৰো পুঁজিপতিৰ হাতত অৰ্পণ কৰাৰ ব্যৱস্থা ক্ষিপ্ত কৰি তুলিছে।

এই পটভূমিত কেৱল ক্ষমতা বৰ্তাই ৰখাৰ স্বাৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লাখ লাখ কোটি টকা ঋণ লৈ হিতাধিকাৰীৰ সৃষ্টি কৰিছে। ফলত দেশত পেট্রলজাত সামগ্রীকে ধৰি সকলো বয়-বস্তুৰ মূল্য অবিৰতভাৱে বৃদ্ধি কৰি সৰ্বসাধাৰণ জনতাৰ ওপৰত ৰাম টাঙোন শোধাইছে।

আনহাতে নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। কর্মসংস্থাপনৰ পথ নোহোৱা হৈ পৰিছে। বিগত নির্বাচনসমূহৰ পূর্বে বিজেপি দলে জনসাধাৰণৰ আগত দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাটো দূৰৰে কথা বহু ক্ষেত্ৰত ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰি জনজীৱন বিপদাপন্ন কৰি তুলিছে।

উল্লেখযোগ্য যে, আজিৰ পৰা ২৬ ছেপ্টেম্বৰ তাৰিখলৈকে অনুষ্ঠিত হ'বলগীয়া এই অভিৱৰ্তনত কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰধান সম্পাদক ডি ৰাজা,সম্পাদকদ্বয় অমৰজিৎ কৌৰ আৰু পল্লৱ সেনগুপ্তই অংশগ্ৰহণ কৰিব বুলি ৰাজ্যিক সূত্ৰৰ পৰা জানিব দিছে। টাই আহোম কৃষ্টি বিকাশ কেন্দ্ৰৰ খেলপথাৰৰ লগতে শিৱসাগৰ নগৰৰ যুৱদলত কাইলৈৰ পৰা প্ৰতিনিধি পৰিষদ অনুষ্ঠিত হ'ব।

assam shivsagar cpim