/asomiyapratidin/media/media_files/2025/10/30/90-2025-10-30-23-22-22.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, হাওৰাঘাট খণ্ডৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অষ্টাদশ সংখ্যক খণ্ড পৰ্যায়ৰ বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
হাওৰাঘাট নগৰৰ একমাত্ৰ স্ত্ৰীশিক্ষানুষ্ঠান হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ন পৰিবেশৰ মাজেৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ অষ্টাদশ সংখ্যক বাৰ্ষিক খণ্ড পৰ্যায়ৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। স্মৰ্তব্য যে হাওৰাঘাট খণ্ডৰ অধীনস্থ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান ভিত্তিক বিজ্ঞানৰ আৰ্হি নিৰ্মাণ , আকস্মিক বক্তৃতা, চিত্ৰাঙ্কণ আৰু ধাৰণা প্ৰতিযোগিতাত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,হাওৰাঘাট খণ্ডৰ অন্তৰ্গত ১৬ খন বিদ্যালয়ৰ পৰা প্ৰায় দুই শতাধিক প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।
ইয়াৰ পাছত পুৱাৰ ভাগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পতাকা উত্তোলন কৰে হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্তই । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সদ্য প্ৰয়াত অসমৰ সংগীত জগতৰ উজ্বল নক্ষত্ৰ , হিয়াৰ আমঠু জুবিন গাৰ্গ লৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কৰুনাকান্ত বড়োই ।
ইয়াৰ পিছতে হাওৰাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চম্পক শৰ্মাই বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত বিজ্ঞান শিক্ষা আহৰণ কৰিবলৈ নিজৰ মনত প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে বৈজ্ঞানিক মানসিকতা আৰু এক সুস্থ বৈজ্ঞানিক চিন্তাধাৰাৰে অধ্যয়নত ব্ৰতী হ'বলৈ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, কাৰ্বি আংলং জিলাৰ জিলা সমন্বয়ক ভৱানন্দ খাখলাৰী, ডেনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কনক চন্দ্ৰ দাস, হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱেন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী সবিতা সন্দিকৈয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us