জনতাৰ কল্যাণৰ বাবেই দেশত শক্তিশালী বিৰোধীৰ প্ৰয়োজন...

'দ্য কনক্লেভ-২০২৪'ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শচীন পাইলটৰ বিস্ফোৰণ

author-image
Dimpul Borgohain
New Update
জনতাৰ কল্যাণৰ বাবেই দেশত শক্তিশালী বিৰোধীৰ প্ৰয়োজন...

জনতাৰ কল্যাণৰ বাবেই দেশত শক্তিশালী বিৰোধীৰ প্ৰয়োজন...

ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা দ্য কনক্লেভ-২০২৪ৰ এক গুৰুত্বপূৰ্ণ আলোচনাচক্ৰত অংশ লয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শচীন পাইলটে। মৃণাল তালুকদাৰে আঁত ধৰা এই আলোচনাচক্ৰটোত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। আলোচনাৰ আৰম্ভণিতে শচীন পাইলটে বিজেপিৰ শাসনত দেশৰ জনতা অতিষ্ঠ হৈছে বুলি মন্তব্য কৰাৰ লগতে কয়ে যে, যোৱা ১০বছৰত মোডী চৰকাৰে দেশৰ উন্নতিৰ গতিত স্তদ্ধতা আনিছে। এই কথা জনসাধাৰণে লক্ষ্য কৰি আছে আৰু ইয়াৰ প্ৰত্যুত্তৰো সময়ত দিব।

শেহতীয়াকৈ লোকসভা নিৰ্বাচনত বিৰোধীৰ উত্থানক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। তেওঁ কয় যে, শেহতীয়াকৈ নিৰ্বাচনত জনতাই বিৰোধীক যথেষ্ট বিশ্বাসত লৈছে। যাৰ বাবে বিৰোধী শক্তিৰ আসনৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট পৰিমাণে বাঢ়িছে আৰু বিজেপিয়ে ৭০খনৰো অধিক শাসন হেৰুৱাইছে। ইয়াৰ পৰাই প্ৰমাণ হয় যে, জনতাই এই চৰকাৰখনৰ প্ৰতি আস্থা হেৰুৱাইছে।

বৰ্তমান দেশৰ ৰাজনীতিত বিৰোধী ভূমিকা আৰু শক্তিৰ সন্দৰ্ভত মৃণাল তালুকদাৰে সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- জনতাৰ কল্যাণৰ বাবেই দেশত শক্তিশালী বিৰোধীৰ প্ৰয়োজন। এই কথা দেশৰ জনতাই অনুধাৱন কৰাৰ বাবেই লোকসভা নিৰ্বাচনত এনে ফলাফল আমি পাইছো। বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্ব শেহতীয়া সময়খিনিত যথেষ্ট সলনি হৈছে। এই সলনিত দেশৰ জনতা পতিয়ন গৈছে। মই আশা কৰো এই বিশ্বাসৰ ফলাফল আমি অনাগত সময়চোৱাত পাম। আমি অপেক্ষা কৰিব লাগিব, দেশত পুনৰ কংগ্ৰেছৰ চৰকাৰ আহিব।

বৰ্তমান চৰকাৰখনৰ কাৰ্যপন্থাৰ সন্দৰ্ভতো শচীন পাইলটক সোধা হৈছিল এক প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি পাইলটে কয় যে, দেশৰ নিবনুৱা সমস্যা অত্যাধিক ৰূপত বৃদ্ধি পাইছে, কৃষকৰ সমস্যাবোৰ সমাধান হোৱা নাই, অৰ্থনীতিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিছে। এই গুৰুত্বপূৰ্ণ দিশবোৰৰ পৰা ফালৰি কাটি সস্তীয়া কিছু বিষয়ত চৰকাৰখন ব্যস্ত হৈ আছে। ইয়াৰ প্ৰভাৱ দেশৰ ওপৰত পৰিছে, দেশৰ জনতাৰ ওপৰত পৰিছে। মই বিশ্বাস কৰো এই কথাবোৰ সচেতন লোকসকলৰ চকুত নপৰাকৈ হয়তো থকা নাই।

প্ৰায় ৪৫মিনিট ধৰি চলা এই আলোচনাচক্ৰত শচীন পাইলটে হাৰিয়ানাৰ আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে, হাৰিয়ানাত কংগ্ৰেছৰ জয় একেবাৰে নিশ্চিত। বিজেপিৰ কিছু কামৰ প্ৰতি জনতা অতিকৈ অতিষ্ঠ। উল্লেখ কৰা প্ৰয়োজন যে, ৫অক্টোবৰৰ দিনটোত ৪-৩০ বজাত মণিপুৰৰ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰিব নৱ নিৰ্বাচিত কংগ্ৰেছ সাংসদ বিমল আকৈজামে। সন্ধিয়া ৫-৩০ বজাত ভাৰত আৰু ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু ভাৰতৰ বৈদেশিক নীতিৰ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে।

Also Read: 'সাদিন প্ৰতিদিন গোষ্ঠী উত্তৰ পূৰ্বাঞ্চলৰ দিক নিৰ্ণয়কাৰী' অসমীয়া ভাষাকো দিছে গতি...

কংগ্ৰেছ শচীন পাইলট