মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লৈ বাতৰিৰ শিৰোনাম দখলৰ পৰিৱর্তে মাৰ্ঘেৰিটাই কেন্দ্রীয় মন্ত্রিত্বৰ পদমৰ্যাদা ৰক্ষা কৰক: প্ৰদেশ কংগ্ৰেছ

মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লৈ বাতৰিৰ শিৰোনাম দখলৰ পৰিৱর্তে মাৰ্ঘেৰিটাই কেন্দ্রীয় মন্ত্রিত্বৰ পদমৰ্যাদা ৰক্ষা কৰক: প্ৰদেশ কংগ্ৰেছ
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটী: কিছুদিনৰ পৰা অসত্য আৰু মনে সজা কিছুমান ভুৱা তথ্যৰে সংবাদ মাধ্যমযোগে বিজেপি দলৰ নেতা তথা কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই কংগ্রেছ দলৰ বিৰুদ্ধে অপবাদ জাপি দিব বিচাৰিছে।মন্ত্রী গৰাকীৰ এনেধৰণৰ কাৰ্য্য দেখি তেওঁলৈ পুতৌ জন্মিছে। ৰাইজৰ দৃষ্টিত তেওঁ নিজকে হাঁহিয়তাৰ পাত্ৰহে কৰি তুলিছে। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র ঋতুপর্ণ কোঁৱৰৰ।

সোমবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত মন্ত্ৰী মাৰ্ঘেৰিটাক লক্ষ্য কৰি লৈ ক্ষোভ উজাৰে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্রগৰাকীয়ে। তেওঁ কয় যে, আমি প্ৰদেশ কংগ্ৰেছে কেইটামান দিনৰ পূর্বে উল্লেখ কৰিছিলো যে মাৰ্ঘেৰিটা ডাঙৰীয়া এতিয়া মাথো বিজেপি দলৰ মুখপাত্র বা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হৈ থকা নাই। তেওঁ বৰ্তমান কেন্দ্রীয় মন্ত্রী। গতিকে সংবাদ মাধ্যমত কিবা মন্তব্য দিয়াৰ পূর্বে তেওঁ প্ৰকৃত তথ্য আৰু সত্যৰ বিষয়ে অধ্যয়ন কৰি কোৱা উচিত। তেওঁ নিজৰ ব্যক্তিগত কথা নাভাবিলেও অন্ততঃ কেন্দ্রীয় মন্ত্রী পদৰ গৰিমা ৰক্ষা কৰিব লাগে। অসত্য তথ্যৰে অসমৰ সংবাদ মাধ্যমত ভীমৰ গদা ঘূৰোৱাৰ পৰিৱর্তে কেন্দ্রত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰক।

মাৰ্ঘেৰিটা ডাঙৰীয়াক আমি সকীয়াই দিবলৈ বিচাৰিছো যে চাহ-জনগোষ্ঠী আৰু কংগ্রেছ দল সম্পর্কে তেওঁ বাৰে বাৰে ভুল আৰু মিছা তথ্য প্ৰকাশ নকৰে যেন। অসমৰ ৰাজনৈতিক ইতিহাসৰ তথ্য সম্পর্কে একেবাৰে অকালপক্ক কোনোবাই তেনে কথা ক'লে বেলেগ কথা। কিন্তু এজন কেন্দ্রীয় মন্ত্রীয়ে এনে কথা ক'লে শোভা নাপায় বুলিও কটাক্ষ কৰে ঋতুপর্ণ কোঁৱৰে।

ইয়াৰোপৰি তেওঁ কয় যে, মন্ত্রী গৰাকীয়ে স্বাধীনোত্তৰ অসমৰ কংগ্রেছ দলৰ ইতিহাস অধ্যয়ন কৰক। চাহ-জনগোষ্ঠীৰ ৰাইজৰ ৰাজনৈতিক উত্তৰণৰ ইতিহাস অধ্যয়ন কৰক। তেতিয়া তেওঁ অৱগত হ'ব যে নিজৰ যোগ্যতাৰ বলত চাহ জনগোষ্ঠীৰ লোক ভাৰতীয় জাতীয় কংগ্ৰেছত কেনেকৈ উচ্চ পদত অধিষ্ঠিত হৈছে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা বিধানসভাৰ অধ্যক্ষলৈ, কেন্দ্রীয় কেবিনেট মন্ত্রীৰ পৰা অসম বিধানসভাৰ বিৰোধী দলপতিলৈ,কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠন হওঁতে প্ৰতিখন ৰাজ্য চৰকাৰৰ মন্ত্রী সভাত কেইবাজনো কেবিনেট মন্ত্রী হৈছে। বাকী লোকসভা, ৰাজ্যসভাৰ সাংসদ, বিধায়কৰ কথা নকলোৱেই।কিন্তু বিজেপি দলে কেইজন চাহ জনগোষ্ঠীৰ ব্যক্তিক এনে উচ্চ পদ দিছে? কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কেবিনেটত কেইজনক মন্ত্ৰিত্বৰ স্থান দিছে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছে।

লগতে কয় যে, যোৱাবাৰ লোকসভা নিৰ্বাচনত কংগ্রেছ দলে দুগৰাকীকৈ চাহ-জনগোষ্ঠীয় নেতাক টিকট প্ৰদান কৰাৰ পৰিৱর্তে বিজেপি দলে দুজনৰ টিকট কৰ্তন হে কৰিলে। গতিকে, মন্ত্রী ডাঙৰীয়াই নিজেই কি বলকি আছে হয়তো নিজেই নাজানে!

তাৰোপৰি, কংগ্রেছ দলক জ্যেষ্ঠতাৰ নীতি শিক্ষা দিবলৈ যোৱাৰ পূর্বে মন্ত্রী গৰাকীয়ে সংসদীয় ৰাজনীতিৰ জ্যেষ্ঠতাৰ ভিত্তি কি? সেই বিষয়ে অলপ অধ্যয়ন কৰাৰ প্ৰয়োজন। তেওঁ ৰাজ্যসভাত প্ৰথমবাৰৰ সাংসদ হৈছে ,তথাপি তেওঁ মন্ত্রী হৈছে। আমি আদৰণী জনাই শুভেচ্ছাও দিছো। কিন্তু, যোৱাকালি তেওঁৰ যুক্তি অনুসৰিয়েই বিজেপি দলৰ আন এজন ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ১৯৮৪ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ। গতিকে তেওঁ বৰ্তমান বিজেপিৰ আটাইতকৈ জ্যেষ্ঠ সাংসদ।

ঠিক তেনেদৰে কামাখ্যা প্ৰসাদ তাচা ডাঙৰীয়াও মন্ত্রী মাৰ্ঘেৰিটাতকৈ লোকসভা, ৰাজ্যসভা উভয়তে জ্যেষ্ঠ সাংসদ। মন্ত্রী ডাঙৰীয়া হয়তো প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতেই কলিতা ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ আছিল। ঠিক তেনেদৰে তেওঁ ভিচিডি নিৰ্মাণৰ লগত জড়িত থাকোঁতেই তাচা ডাঙৰীয়া নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিছিল। গতিকে, তেওঁ নিজৰ যুক্তি অনুসৰিয়েই মন্ত্রিত্বৰ পদ এই দুজন জ্যেষ্ঠ সাংসদলৈ বুলি এৰি দি উপদেশত কৈ আদৰ্শ ভাল বুলি প্ৰমাণ কৰি দেখুৱাব পাৰিব নে বুলি মন্ত্ৰী মাৰ্ঘৰিটাক উদ্দেশ্যি প্ৰশ্নবাণ এৰে ঋতুপর্ণ কোঁৱৰে?

ইয়াৰোপৰি আজিকালি কথাই প্ৰতি নিজকে আহোম জনগোষ্ঠীৰ বুলি সংবাদ মাধ্যমৰ সন্মুখত কৈ ফুৰা মন্ত্রীগৰাকীয়ে দৈনিক চ্যাওলুং চ্যুকাফাৰ নীতি আৰু আদৰ্শক ভৰিৰে মোহাৰি ঠেক সাম্প্ৰদায়িক আৰু ঘৃণাৰ ৰাজনীতিৰ কথাহে কোৱা শুনো। আচলতে তেওঁ এনেধৰণৰ মন্তব্যৰে দৈনিক আমাৰ আহোম স্বৰ্গদেউ সকল আৰু উপৰি পুৰুষৰ মহান আদৰ্শ আৰু ত্যাগক অপমান হে কৰিছে।

মন্ত্রী মাৰ্ঘেৰিটা ডাঙৰীয়াক পুনৰ আহ্বান জনাইছো যে আপুনি সংবাদমেলত সম্বোধন কৰাৰ পূৰ্বে অধ্যয়ন কৰক। মাথো ইছ্যু ডাইভাৰ্ট কৰিবলৈ এসোপা ভুৱা তথ্য আৰু মিথ্যাচাৰেৰে সংবাদ শিৰোনাম দখলৰ অপচেষ্টা ত্যাগ কৰক। নিজৰ বিভাগীয় কামেৰে বাতৰিৰ শিৰোনাম দখলৰ চেষ্টা কৰক। আপোনাৰ নিজৰ লগতে ৰাজ্যখনৰো মংগল হ'ব বুলি আজিৰ প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মাৰ্ঘেৰিটাক উপদেশ দিয়ে ঋতুপর্ণ কোঁৱৰে।

মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লৈ বাতৰিৰ শিৰোনাম দখলৰ পৰিৱর্তে মাৰ্ঘেৰিটাই কেন্দ্রীয় মন্ত্রিত্বৰ পদমৰ্যাদা ৰক্ষা কৰক: প্ৰদেশ কংগ্ৰেছ
হাওৰাঘাটত সজাগতা সভা অনুষ্ঠিত: মুখ্যমন্ত্ৰীক নিচাযুক্ত দ্ৰব্য বন্ধ কৰাৰ আহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in