ডিজিটেল সংবাদ,গুৱাহাটীঃ ভ্ৰষ্টাচাৰ আৰু মিথ্যাচাৰৰ মহানায়ক ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কিছুদিন মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰাৰ লগতে অসমৰ অৰ্থনীতি আৰু সকলো সম্পদ বিপদাপন্ন হৈ পৰিব। সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এখন সংবাদমেলত এই মন্তব্য কৰে মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।
অসমৰ শিক্ষা আৰু বনজ সম্পদ ধ্বংসৰ বাবে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ষড়যন্ত্ৰ আৰম্ভ হৈছে বুলি অভিযোগ কৰি বৰাই দুয়োটা বিষয়ৰ ওপৰত আলোকপাত কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম আৰু গৱেষণা বিভাগৰ সতীৰ্থসকলক আহ্বান জনায়।
সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয় যে, কাজিৰঙাত চাহ শ্ৰমিকক উচ্ছেদ কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ আত্মীয় আৰু পুঁজিপতিৰ হাতত অসমৰ বনজ সম্পদ গতাই দিব বিচাৰিছে। তেওঁ আৰু কয়, ''কাজিৰঙাত বছৰ বছৰ ধৰি চাহ জনজাতিৰ লোকসকলে খেতি কৰি আহিছে। চাহ জনজাতিৰ লোকসকলক উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে সেই কৃষিভূমি পুঁজিপতিক গতাই দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উঠি-পৰি লাগিছে। যিসময়ত মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ কথা কয়, খিলঞ্জীয়াৰ কথা কয় সেই সময়তে তেওঁ খিলঞ্জীয়া চাহ জনজাতিৰ লোকসকলৰ কৃষিভূমি দখল কৰি তাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে।’’
সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ কলিতাই ২০২৩ চনৰ ৭ আগষ্টত মুখ্যমন্ত্ৰীয়ে বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ বাবে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ’ব বুলি কৰা মন্তব্যৰ কথা উল্লেখ কৰি তেনে মন্তব্যক হাস্যকৰ আখ্যা দিয়ে। কলিতাই কয়, ''পৰ্যটক আহে বন্যপ্ৰাণী চাবলৈ, কাজিৰঙাৰ সৌন্দৰ্য চাবলৈ, কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য চাবলৈ। পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানলৈ ফাইভ ষ্টাৰ হোটেল চাবলৈ অহা দেখিছে নেকি? কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ লাভালাভৰ বাবে, নিজৰ পুঁজিপতি বন্ধুসকলৰ সম্পত্তি বিস্তাৰৰ বাবে চাহ জনজাতিৰ কৃষি ভূমিত হাত দিবলৈকো কুণ্ঠাবোধ কৰা নাই।’’
১৫০০ৰো অধিক শ্ৰমিক কৰ্মৰত হৈ থকা হাতীখুলি চাহ বাগিচাৰ ৮ একৰ মাটি পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে দখল কৰিবলৈ উদ্যত হৈছে বুলিও সংবাদমেলত কলিতাই কয়। বানৰ সময়ত কাৰ্বি আংলঙৰ দিশলৈ হাতী অহা ঠাই পঞ্চতাৰকাযুক্ত হোটেলৰ বাবে দখল কৰি তাত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া বাবে বন্যহস্তীলৈ বিপদ নামি অহাৰ কথাও তেওঁ সদৰী কৰে।
উক্ত অঞ্চলৰ চাহ জনজাতিৰ লোকসকলৰ প্ৰায় ১৯ একৰ কৃষিভূমি নিয়ম উলংঘা কৰি দখলৰ চেষ্টা চলাইছে বুলিও কলিতাই মন্তব্য কৰে। ইক'ছেনছিটিভ জ’নক লৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশো এইক্ষেত্ৰত উলংঘা কৰা হৈছে বুলিও কলিতাই সংবাদমেল খনত উল্লেখ কৰে। সৰ্বোচ্চ আদালতৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই কাজিৰঙাৰ এলিফেণ্ট কৰিড’ৰ অবৈধভাৱে দখল কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিদৰে ৰিজ’ৰ্ট চলাই আছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
২০২৬ চনত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে ১০০ দিনৰ ভিতৰত এই সমস্ত অনিয়মৰ তদন্ত কৰা হ’ব বুলিও কলিতাই কয়। সংবাদমেলত কিদৰে মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ সহযোগী পুঁজিপতিসকলে কাজিৰঙাৰ ইক’ছেনছিটিভ জ’নত অবৈধ ধ্বংস কাৰ্য চলাই গৈছে তাৰ এটি ভিডিঅ’ ক্লিপো প্ৰদৰ্শন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মহছিন খানে কিদৰে চৰকাৰে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে সেই সম্পৰ্কে তথ্য দাঙি ধৰে। এই ক্ষেত্ৰত চৰকাৰে খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি গ্ৰহণ কৰিছে বুলিও অভিযোগ কৰে কংগ্ৰেছৰ মুখপাত্ৰ খানে।
১৪০খনতকৈয়ো অধিক বিদ্যালয় আজিৰ তাৰিখতো কেঁচা ঘৰত আৰু ৫১১খন বিদ্যালয় বিজুলী সংযোগ নোহোৱাকৈ চলি আছে সেই ব্যৱস্থাৰ উন্নয়ন সাধন নকৰাকৈ মুখ্যমন্ত্ৰীয়ে দুখীয়া ল’ৰা-ছোৱালীবোৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িব নালাগে বুলি কৈ সপ্তম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞানৰ পাঠদান ইংৰাজী মাধ্যমত কৰাৰ কথা কৈছিল।
এই কথা কোৱা চৰকাৰখনে ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বাবে এক নিৰ্দেশনা জাৰি কৰি অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু দুখীয়া ছাত্ৰ-ছাত্ৰীয়েও ইংৰাজী মাধ্যমত পঢ়াৰ হৈ ওকালতি কৰা একেগৰাকী মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ যি চৰকাৰী নিৰ্দেশ দিছিল সেই নিৰ্দেশৰ আওতাৰ পৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহক বাদ দিয়ে।
চৰকাৰে কিয় এই নিৰ্দেশনাত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহক অন্তৰ্ভুক্ত নকৰিলে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। স্বাৰ্থজড়িত এনে বৈষম্যমূলক নীতিয়ে অসমৰ শিক্ষা ব্যৱস্থাক লৈ চৰকাৰখনৰ মনোভাৱ স্পষ্ট কৰি তুলিছে বুলিও তেওঁ মন্তব্য কৰে।
Also Read: নগাঁও জিলাত বিশাল সমদলেৰে ত্রিৰংগা যাত্ৰা সম্পন্ন...