ডিজিটেল সংবাদ, বিহালী : বিহালীৰ বিজেপি কাৰ্যালয়ত শুকুৰবাৰে বিধায়ক পদ্ম হাজৰিকাই এক সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। সংবাদমেলযোগে বিধায়ক হাজৰিকাই কয় যে বিহালীত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ জয়ী হ’ব।
বিহালীত ২৫ বছৰে ৰঞ্জিত দত্তৰ দুৰ্গ বুলি জানে। বিহালীত বিজেপিৰ প্ৰভূত্ব আছে। বিহালীৰ আশে-পাশে সকলো সমষ্টিয়েই বিজেপিৰ দখলত আছে বাবে ইয়াত শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে। কিন্তু চামগুৰী হ’ল সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গ,তাত কংগ্ৰেছৰ প্ৰভূত আছে।
সেয়েহে চামগুৰিত নিৰ্বাচনী প্ৰচাৰত অশান্তিময় পৰিবেশে বিৰাজ কৰিছে বুলি মন্তব্য কৰে। ইয়াৰ দ্বাৰা প্ৰমাণ হৈ যে কংগ্ৰেছ দলৰ প্ৰভূত্ব থকা স্থানসমূহ অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰে কংগ্ৰেছে। তৰুণ গগৈৰ দিনত বিহালীত বিশ্বনাথ তথা অসমত এক অৰাজক পৰিবেশ আছিল, চাৰিওফালে অশান্তিৰে জৰ্জৰিত হৈ আছিল।
সেই সময়ত কিন্তু গৌৰৱ গগৈয়ে সংসদত চিঞৰ বাখৰ কৰা নাছিল। কাৰণ তেতিয়া তেওঁ সংসদত চিঞৰ বাখৰ কৰিলে তেঁওৰ পিতৃৰ বদনাম হ’লে হয় বুলি সংবামেলত উল্লেখ কৰে পদ্ম হাজৰিকাই।
বিহালীত হাতী- মানুহৰ সংঘাতৰ ক্ষেত্ৰতো বিধায়কগৰাকীয়ে মন্তব্য কৰে। তেঁও কয় যে হাতী- মানুহৰ সংঘাত দূৰ কৰিবলৈ বিহালী বনাঞ্চলত বিজেপি চৰকাৰে কেইবাশ হেক্টৰ ভূমি গছপুলি ৰোপণ কৰিছে। বিধায়কগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত ঘটা কেইবাটাও হত্যা হিংসাৰ ঘটনাৰ চিত্ৰ তথ্য দাঙি ধৰি কংগ্ৰেছ চৰকাৰৰ দিনত সন্ত্ৰাসবাদীৰ লগত সমান্তৰালভাৱে চৰকাৰ চলাইছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে।
ইফালে কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাই ২০২৬ চনত কংগ্ৰেছ চৰকাৰ আহিলে পদ্ম হাজৰিকাক জে’লত প্ৰেৰণ কৰিব বুলি কোৱা মন্তব্যৰ বিৰুদ্ধে কয় যে কংগ্ৰেছ চৰকাৰ ২০ বছৰলৈ নাহে আৰু তেওঁলোকে মোক জে’লতো ভৰাব নোৱাৰে। মই সক্ৰিয় ৰাজনীতিত কেৱল নিজৰ জীৱন ৰক্ষাৰ বাবেহে জড়িত হৈছো।
নিৰ্বাচন আহিলেই পদ্ম হাজৰিকাৰ কন্যাকা ব্যক্তিগত সম্পত্তি বুলি নেকি প্ৰশ্ন কৰাত বিধায়কগৰাকীয়ে কয় যে নিৰ্বাচন আহিলেই কন্যাকাৰ ক্ষেত্ৰত এই প্ৰশ্ন আহে আৰু বহু আৰ টি আই পৰে। কন্যাকা অসমৰ গৌৰব, স্বাভিমান হয়।
কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে পদ্ম হাজৰিকা নৰ্থ বেংকৰ ডন নেকি প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে হয় যদি কংগ্ৰেছৰ ভয়- ভাবুকি, দুৰ্নীতিৰ বিৰুদ্ধে যদি মাত মাতিলে মোক ডন বুলি অভিহিত কৰে। তেনেহ’লে মই অসমৰ ৰাইজৰ বাবে ডন হ’বলৈ কুন্ঠবোধ নকৰো। আনহাতে পদ্ম হাজৰিকাৰ বিৰুদ্ধে কথা ক’বলৈ আনক লগোৱাৰ পৰিৱৰ্তে গৌৰৱ গগৈক মুখামুখিকৈ বহিবলৈ প্ৰত্যাহবান জনায়।
ইফালে আজি মন্ত্ৰী পীয়ুষ হাজৰীকা আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ সন্মুখত কেইবাগৰাকী কংগ্ৰেছৰ সদস্যই বিজেপিত যোগদান কৰে। যুৱ কংগ্ৰেছৰ জিলা সম্পাদক পংকজ বৰ্মনকে ধৰি জৰাবাৰী মণ্ডলৰ কেইবাগৰাকীয়ে যোগদান কৰে।
Also Read: গিৰীশ দা, এইবাৰ সভাপতি আপুনি...