আজি সংবিধান দিৱস: জানো আহক সংবিধান দিৱসৰ ইতিহাস আৰু কেতবোৰ তথ্য 

২০১৫ চনৰ ১১ অক্টোবৰত ‘ষ্টেছু অফ ইকুৱেলিটি’ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটোত সংবিধান দিৱস পালন কৰা হ’ব বুলি ৰাজহুৱা ঘোষণা কৰিছিল।

author-image
Asomiya Pratidin
New Update
আজি সংবিধান দিৱস: জানো আহক সংবিধান দিৱসৰ ইতিহাস আৰু কেতবোৰ তথ্য 

সংবিধান দিৱস

ডিজিটেল ডেস্কঃ: প্ৰতি বছৰে ২৬ নৱেম্বৰত সমগ্ৰ ভাৰতবৰ্ষত ‘সংবিধান দিৱস’ পালন কৰা হয়। ২০১৫ চনৰ পৰা দেশজুৰি এই দিৱস পালনৰ কৰি অহা হৈছে।সংবিধান দিৱসক ‘ৰাষ্ট্ৰীয় আইন দিৱস’ হিচাপেও জনা যায়।

১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান সভায়ে ভাৰতীয় সংবিধান গৃহীত কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল।ভাৰত চৰকাৰে ২০১৫ চনৰ ১৯ নৱেম্বৰত এক অধিসূচনাৰ জৰিয়তে ২৬ নৱেম্বৰত ‘সংবিধান দিৱস’ হিচাপে পালন কৰাৰ বিষয়ে ঘোষণা কৰিছিল।

২০১৫ চনৰ ১১ অক্টোবৰত মহাৰাষ্ট্ৰৰ মুম্বাইত ভীমৰাও ৰামজী আম্বেদকাৰৰ স্মৃতিত নিৰ্মাণ কৰা ‘ষ্টেছু অফ ইকুৱেলিটি’ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটোত সংবিধান দিৱস পালন কৰা হ’ব বুলি ৰাজহুৱা ঘোষণা কৰিছিল।

উল্লেখ্য,২০১৫ বৰ্ষটো সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আৰু সংবিধানৰ খচৰা প্ৰস্তুতকৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভীমৰাও ৰামজী আম্বেদকাৰৰ ১২৫সংখ্যক জন্মবাৰ্ষিকী পালন কৰা হৈছিল। পূৰ্বতে এই দিনটো ‘ৰাষ্ট্ৰীয় আইন দিৱস’ হিচাপে উদযাপন কৰা হৈছিল।

‘সংবিধান দিৱস’ৰ ইতিহাস

ওপৰত উল্লেখ কৰা অনুসৰি, ২০১৫ চনৰ ১৯ নৱেম্বৰত সামাজিক ন্যায় মন্ত্ৰালয়ে প্ৰতি বছৰে ২৬ নৱেম্বৰত সংবিধান দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল আৰু তেতিয়াৰ পৰা এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি অহা হৈছে।ভাৰতৰ নাগৰিকসকলৰ মাজত সংবিধান সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু সাংবিধানিক মূল্যবোধৰ প্ৰচাৰ কৰাই হৈছে সংবিধান দিৱসৰ মূল লক্ষ্য। 

‘সংবিধান দিৱস’ত জানিবলগীয়া কেইটামান তথ্য

১) ভাৰতীয় সংবিধান প্ৰস্তুত কৰিবলৈ ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল।

২)ভাৰতীয় সংবিধান হৈছে বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান।

৩)সংবিধানৰ মূল প্ৰতিলিপিটো হাতেৰে লিখা হৈছিল।

৪)সংবিধানৰ মূল প্ৰতিলিপিবোৰ সংসদৰ পুথিভঁৰালৰ ভিতৰত সংৰক্ষণ কৰা হৈছে। 

৫)সংবিধান ৰখা বাকচটো হিলিয়ামেৰে ভৰ্তি কৰি তাত সংবিধানখন নেপথালিন বলৰ সৈতে ফ্লানেল কাপোৰৰে মেৰিয়াই থোৱা হৈছে।

৬)সংবিধানৰ প্ৰতিটো পৃষ্ঠাত এটা সোণৰ পাতৰ ফ্ৰেম আছে।

৭) প্ৰতিটো অধ্যায়ৰ আৰম্ভণি পৃষ্ঠাতে কিবা নহয় কিবা শিল্পকৰ্ম আছে।

৮)প্ৰখ্যাত লেখক প্ৰেম নাৰায়ণ ৰায়জাদাই সংবিধানৰ মূল প্ৰতিলিপি প্ৰস্তুত কৰিছিল।

৯)ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনি ‘ভাৰত চৰকাৰ আইন ১৯৩৫’ৰ ওপৰত আধাৰিত।

Also Read: অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, দৰ্শন কৰিব কামাখ্যা মন্দিৰ...

সংবিধান দিৱস