খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি বিহপুৰীয়াত দল সংগঠনৰ প্ৰতিবাদ...

খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি বিহপুৰীয়াত দল সংগঠনৰ প্ৰতিবাদ...
Published on
Updated on

ডিজিটেল সংবাদ,বিহপুৰীয়া: খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত বৃহস্পতিবাৰে বিহপুৰীয়াত প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰে বহুকেইটা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ৷ বিশেষকৈ বিহপুৰীয়া পৌৰসভাৰ অধিনত থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমুহৰ ৮০ শতাংশই থলুৱা নিবনুৱাৰ বাবে সংৰক্ষণৰ দাবীৰ লগতে পৌৰসভাখনত আচঁনি ৰুপায়ণৰ নামত সংঘটিত ভয়াৱহ দুৰ্নীতি অনিয়মৰ তদন্ত বিচাৰিয়েই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন সমুহে৷

আছু,আটাছু, এ জে ৱাই চি পি, টাই আহোম যুৱ পৰিষদ, চুতীয়া ছাত্ৰ সন্থকে ধৰি কেবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে বিহপুৰীয়া নগৰৰ মাজেৰে সমদল কৰি বিহপুৰীয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিহপুৰীয়া পৌৰসভাত দুৰ্নীতি নচলিব, বিজেপি গ' বেগ, পৌৰপতি দীপশিখা বৰা মুৰ্দাবাদ, প্ৰাক্তন পৌৰপতি দীপক সৰকাৰ মুৰ্দাবাদ, বিহপুৰীয়া নগৰত ৮০ শতাংশ থলুৱাক ব্যৱসায়িক প্ৰতিষ্ঠান আবন্টন দিয়ক আদি ধ্বনিৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদৰ অন্তত বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়প্ৰকাশ মহন্তৰ জৰিয়তে পৌৰসভাৰ অধীনত ঘড়ী স্তম্ভ নিৰ্মাণ,পানী যোগান আচঁনি - নলা নৰ্দমা নিৰ্মাণ,পানী টেংকাৰকে আদি কৰি বিভিন্ন সামগ্ৰি ক্ৰয়ৰ ক্ষেত্ৰত সংঘটিত দুৰ্নিতীৰ লগতে বৰ্তমান আৰু বিগত পৌৰপতিৰ দিনত সংঘটিত প্ৰতিখন আচঁনিৰে তদন্ত বিচাৰি আৰু পৌৰসভাৰ অধীনৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৮০ শতাংশ থলুৱাৰ বাবে সংৰক্ষণ কৰিবলৈ দাবী জনাই লখিমপুৰ জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

ইপিনে আজি সংগঠন কেইটাই পৌৰসভা কাৰ্যালয় প্ৰাঙ্গণত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে অকস্মাতে প্ৰতিবাদকাৰীৰ ফালৰ পৌৰসভাৰ কাৰ্যলয়লৈ শিলগুটি নিক্ষেপ কৰি কাৰ্যালয়ৰ সন্মুখ ভাগৰ আইনা ভাঙি পেলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ পাছত আৰক্ষীয়ে শিল নিক্ষেপ কৰা প্ৰতিবাদকাৰী যুৱক জনক চিনাক্ত কৰি আটক কৰে ৷ জানিব পৰামতে আটকাধীন প্ৰতিবাদকাৰীজন বিহপুৰীয়া মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য ৷ ছাত্ৰজনৰ এই ভুমিকাক লৈ সম্প্ৰতি ৰহস্যৰ সৃষ্টি হৈছে ৷ গণতান্ত্ৰিক প্ৰতিবাদক হিংসাত্মক ৰুপ দিব বিচৰা ছাত্ৰ জনক ধিক্কাৰ দিছে প্ৰতিবাদী দল সংগঠন সমুহে ৷

খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি বিহপুৰীয়াত দল সংগঠনৰ প্ৰতিবাদ...
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয়- বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in