বৰহোলা মহাবিদ্যালয়ৰ ৯৯ লাখ টকীয়া শ্ৰেণী কোঠা নিৰ্মাণত দুৰ্নীতি

দণ্ডাধিশৰ লেহেমীয়া তদন্তকলৈ অসন্তুষ্ট বৰহোলাবাসী: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী
বৰহোলা মহাবিদ্যালয়ৰ ৯৯ লাখ টকীয়া শ্ৰেণী কোঠা নিৰ্মাণত দুৰ্নীতি
Published on
Updated on

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বৰহোলা মহাবিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মাণত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি। জানিব পৰামতে বৰহোলা মহাবিদ্যালয়ৰ আঠটাকৈ বিভাগীয় শ্ৰেণীৰ কোঠাৰ নিৰ্মাণৰ বাবে ২০১৭-১৮ বৰ্ষত ৰাজ্যৰ চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ পৰা প্ৰায় ৯৯ লাখ ৯৯ হাজাৰ ৯৭৬ টকাৰ বৃহৎ পুঁজি আবণ্টন কৰিছিল। এই ঠিকা লাভ কৰে প্ৰশান্ত গগৈ নামৰ ঠিকাদাৰজনে।

নিৰ্ধাৰিত সময়তকৈ পলমকৈ নিৰ্মাণৰ কাম আৰম্ভ কৰা ঠিকাদাৰ গৰাকীয়ে তলৰ মহলৰ চাৰিটা শ্ৰেণী কোঠা নিৰ্মাণৰ কাম অন্য এজনক উপঠিকা দিয়ে। নিৰ্মাণৰ প্ৰথম অৱস্থাৰ পৰাই বিভিন্ন আসোঁৱাহ থকা বিল্ডিংটোৰ ওপৰ মহলাৰ ঠিকাদাৰ প্ৰশান্ত গগৈয়ে নিজে নিৰ্মাণ কৰে। লোকনিৰ্মাণৰ বিভাগৰ ৱৰ্ক অৰ্ডাৰৰ নীতি-নিয়ম আওকাণ কৰি নিম্নমানৰ ৰ'ড, চিমেণ্ট - বালি আৰু ইটা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা বাবে বিল্ডিংটোৰ দুটা বীমত বৃহৎ ফাট মেলে। ইয়াৰ উপৰিও দেৱাল আৰু দৰ্জা খিৰিকী কাষত দীঘলকৈ ফাট মেলে। আনহাতে পকা মজিয়াখন বেয়া হৈছে। ঠিকাদাৰ গৰাকীৰ অতি নিম্নমানৰ কাম দেখি বৰহোলাৰ কেইটাও জাতীয় দল-সংগঠন তীব্ৰ প্ৰতিবাদ জনোৱাত চতুৰ ঠিকাদাৰ প্ৰশান্ত গগৈয়ে একে দিনাই দেৱালৰ ফাট বিলাকত ৰং আৰু চিমেণ্টৰ প্ৰলেপ লগাই ঢাকিবলৈ চেষ্টা কৰে। লগেই বিষয়টো বৰহোলাবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ।

ইফালে মহাবিদ্যালয়খনত এখন নিৰ্মাণ সমিতি আনখন কলেজৰ পৰিচালনা সমিতি থকাৰ পিছতো ঠিকাদাৰ গৰাকীয়ে কেনেকৈ ইমান নিম্ন মানৰ কাম কৰিব পাৰিলে বুলি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনাযুৱ ছাত্ৰ পৰিষদ আৰু বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই অধ্যক্ষাক গৰাকীক জবাবদিহি কৰাৰ পিছতেই ভয়ংকৰ দুৰ্নীতি পোহৰলৈ আহে। জাতীয় সংগঠন কেইটাই অভিযোগ কৰামতে ঠিকাদাৰ গৰাকীয়ে নিজৰ মুনাফা আৰু লুণ্ঠনৰ ইমানেই নিম্নমানৰ কাম কৰিলে বিল্ডিংটোৰ ওপৰ মহলৰ আটাই কেইটা কোঠা কঁপি থাকে। নৱনিৰ্মিত বিল্ডিংটো সুৰক্ষিত নহয় বুলি প্ৰশ্ন উঠিছে। যদি ডাঙৰ ভূমিকম্প আহে তেতিয়া দুৰ্ঘটনাৰ শংকা আছে বুলি আংশকা কৰিছে শিক্ষাৰ্থীসকলে।

শিক্ষানুষ্ঠানৰ দৰেই অতি গুৰুত্বপূৰ্ণ ভৱন নিৰ্মাণ ঠিকাদাৰ এনে নিম্ন মানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱা ৮আগষ্টত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ বৰহোলা আঞ্চলিক সমিতিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুক আৰু যুৱ ছাত্ৰ পৰিষদে বিত্তমন্ত্ৰী অজন্তা নেওগক তদন্ত বিচাৰি স্মাৰকপত্ৰ প্ৰদান কৰিছে। আনহাতে বৰহোলা আঞ্চলিক ছাত্র সন্থায়ো যোৰহাট জিলা আয়ুক্তক বৰহোলা মহাবিদ্যালয়ৰ শ্ৰেণীৰ কোঠা নিৰ্মাণত ঠিকাদাৰৰ লুণ্ঠন আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

ইফালে বৰহোলা মহাবিদ্যালয়ৰ ৯৯ লাখ টকীয়া শ্ৰেণী কোঠাৰ নিৰ্মাণৰ দুৰ্নীতি সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছত তিতাবৰ মহকুমাৰ ফালৰ পৰা এগৰাকী দণ্ডাধিশে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান লৈকে ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাইজে জানিব পৰা নাই। তদন্ত লেহেমীয়া হোৱাৰ বাবে বৰহোলা জাতীয় দল সংগঠন কেইটা ক্ষোভ প্ৰকাশ কৰিছে । বৰহোলা ৰাইজে এনে নিম্ন মানৰ কাম কৰা ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰে ব্লেকলিষ্টেড কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহবান জনাইছে।

বৰহোলা মহাবিদ্যালয়ৰ ৯৯ লাখ টকীয়া শ্ৰেণী কোঠা নিৰ্মাণত দুৰ্নীতি
আজিৰ পৰা পেৰিছত সপ্তদশ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in