ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ বৃহৎ সকাহ জগ্গী বাসুদেৱ ওৰফে সদগুৰুক। তেওঁৰ আশ্ৰমৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে সদগুৰুৰ আশ্ৰমৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহ খাৰিজ কৰি এই গোচৰটোৰ নিষ্পত্তি কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেই এই গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ স্থগিত ৰাখিছিল সৰ্বোচ্চ ন্যায়ালয়ে।
মন কৰিবলগীয়া যে, সদগুৰুৰ কয়ম্বটুৰস্থিত আশ্ৰমত দুই প্ৰাপ্তবয়স্ক কন্যাৰ ব্ৰেইনৱাছ কৰি আশ্ৰমত থাকিবলৈ বাধ্য কৰোৱা বুলি সদগুৰুৰ বিৰুদ্ধে অভিযোগ কৰিছিল এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকে। তেওঁ লগতে অভিযোগ কৰিছিল যে তেওঁৰ দুই কন্যাক সাংসাৰিক জীৱনৰ পৰা ব্ৰেইনৱাছেৰে আঁতৰাই পৰিয়ালৰ সৈতে যোগাযোগ কৰাতো বাধা দিয়া হৈছে। অধ্যাপকগৰাকীয়ে আদালতত তৰা এই গোচৰৰ শুনানি গ্ৰহণ কৰি পূৰ্বে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে আৰক্ষীক গোচৰৰ তদন্তৰ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছতে ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় সদগুৰুৰ সংস্থা। উচ্চতম ন্যায়ালয়ত সদগুৰুৰ সংস্থাই দাখিল কৰা আবেদনত উল্লেখ কৰে যে মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে শ শ আৰক্ষী তেওঁলোকৰ আশ্ৰমত প্ৰৱেশ কৰিছে, যাৰ ফলত আশ্ৰমৰ ভাৱমূৰ্তি বিনষ্ট হৈছে। আৰক্ষীৰ তদন্তই আশ্ৰমৰ ওপৰত আস্থা ৰখাসকলৰ ধৰ্মীয় অনুভূতিতো আঘাত হনা বুলি দাবী কৰে সংস্থাটোৱে।
ইফালে উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানিৰ সময়ত 'ব্ৰেইনৱাছ’ কৰা বুলি অভিযোগ অনা অধ্যাপকগৰাকীৰ দুই কন্যাৰ ভাষ্যও ভাৰ্চুৱেলী গ্ৰহণ কৰা হয়। শুনানিৰ সময়ত ৩৯ আৰু ৪২ বৰ্ষীয় মহিলা দুগৰাকীয়ে তেওঁলোকৰ ব্ৰেইনৱাছ কৰাৰ অভিযোগ অস্বীকাৰ কৰি স্বেচ্ছাই আশ্ৰমত থকা বুলি আদালতক অৱগত কৰে। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে আশ্ৰমখনৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খাৰিজ কৰি গোচৰটোৰ নিষ্পত্তি কৰে।