হেলেমত পুনৰ গৰু চুৰিৰ ঘটনা: বন বিষয়াৰ ঘৰৰ পৰা নিলে তিনিটাকৈ গো ধন

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ অন্তৰ্গত হেলেম আৰক্ষী থানাৰ এলেকাত পুনৰ সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। অঞ্চলটোৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা সঘন গৰু চুৰি ঘটনাই গো পালকসকলক চিন্তিত কৰি অহাৰ সময়তে মঙলবাৰে নিশা স্থানীয় এগৰাকী বন বিষয়াৰ ঘৰৰ গোহালীৰ পৰা চুৰি হয় তিনিটাকৈ গো ধন।

উক্ত আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাজান গাঁও নিবাসী তথা গহপুৰ খণ্ড বন বিষয়া কাৰ্যলয়ৰ খণ্ড বন বিষয়া বাবুল মিলিৰ ঘৰৰ চৌহদত থকা গোহালীৰ পৰা চুৰি হয় গো ধন তিনিটা। ইয়াৰে এজনী গাই, এটা পোৱালি আৰু এজনী চেউৰী। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত বন বিষয়াগৰাকীৰ বাসগৃহৰ চৌহদৰ পৰা একেলগে তিনিটাকৈ গো ধন চুৰি হোৱা ঘটনাই স্থানীয় গো পালকসকলক অধিক আতংকিত কৰি তুলিছে।

ঘটনা সন্দৰ্ভত বন বিষয়া বাবুল মিলিয়ে হেলেম আৰক্ষীক অৱগত কৰিছে। গো পালকসকলৰ গো ধন সমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ হেলেম আৰক্ষীৰ ওচৰত কঠোৰ দাবী জনাইছে স্থানীয় ৰাইজে।

ei muhurtar khabar
অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in