ৰোহিত- বিৰাটক সম্বৰ্ধনা জনাব ক্ৰিকেট অষ্ট্ৰেলিয়াই

ভাৰতীয় ক্ৰিকেটৰ দুই মহাতাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলি। ইতিমধ্যে দুয়োজনে টেষ্ট আৰু টি-২০ ক্ৰিকেটক জনাইছে বিদায়। দেশৰ জাৰ্চীত দুয়োজনে এতিয়া মাত্ৰ খেলি যাব এদিনীয়া সংস্কৰণ। 

author-image
Asomiya Pratidin
New Update
ৰোহিত শৰ্মা আৰু সনাতনক সম্বৰ্ধনা জনাব ক্ৰিকেট অষ্ট্ৰেলিয়াই

ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেটৰ দুই মহাতাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলি। ইতিমধ্যে দুয়োজনে টেষ্ট আৰু টি-২০ ক্ৰিকেটক জনাইছে বিদায়। দেশৰ জাৰ্চীত দুয়োজনে এতিয়া মাত্ৰ খেলি যাব এদিনীয়া সংস্কৰণ। 

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেটলৈ এই দুই মহাতাৰকাৰ অৱদান অপৰিসীম। ক্ৰিকেটৰ তিনিওটা সংস্কৰণতে দুয়োৰে আছে বিৰল কৃতিত্ব। পিছে এই দুই মহাতাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক ক্ৰিকেট অষ্ট্ৰেলিয়াই জনাব সম্বৰ্ধনা।

আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত দুয়োজনৰ অনস্বীকাৰ্য অৱদানৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব। উল্লেখযোগ্য যে, অহা অক্টোবৰত ৩খন এদিনীয়া মেচ খেলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলে। 

যদিহে কোনো অসুবিধা নহয় তেন্তে অষ্ট্ৰেলিয়া অভিমুখী দলত থাকিব ৰোহিত আৰু বিৰাট। আৰু এই সময়ছোৱাতে ক্ৰিকেট অষ্ট্ৰেলিয়াই দুয়োকে মেচৰ আগেয়ে সম্বৰ্ধনা জনাব বুলি সদৰী কৰিছে।

virat kohli rohit sarma