লোকসভাত গৃহীত অপৰাধী সংক্ৰান্ত বিধেয়ক, শ্বাহে ক’লে…

লোকসভাত গৃহীত অপৰাধী সংক্ৰান্ত বিধেয়ক, শ্বাহে ক’লে…

author-image
asomiyapratidin
New Update
বিগত ৫বছৰত অসমত এটাও আন্দোলন হোৱা নাইঃ অমিত শ্বাহ…

ফাইল ফটো

ডিজিটেল ডেস্ক: অপৰাধীৰ সংক্ৰান্তত জড়িত ক্ৰিমিনেল প্ৰচিজৰ বিল (criminal procedure identification bill, 2022) গৃহীত হয় লোকসভাত। বিধেয়কৰ চৰ্চাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰে যে এই বিধেয়কখনৰ ফলত আৰক্ষী  সদায় অপৰাধীতকৈ আগত থাকিব।

উল্লেখ্য যে, এই বিধেয়ক উত্থাপনৰ সময়ত বিৰোধীয়ে অপৰাধীৰ মানৱ অধিকাৰৰ কথা কৈছিল কিন্তু তেতিয়া শ্বাহে কয় যে বিৰোধীয়ে অপৰাধীৰ মানৱ অধিকাৰৰ কথা চিন্তা কৰিছে কিন্তু ভুক্তভোগীৰ মানৱ অধিকাৰৰ কথা চিন্তা কৰা নাই।

অন্য খবৰ পঢ়িবলৈ: কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলীচালনা…

উল্লেখ্য যে, অপৰাধীক লৈ বৰ্তমান থকা আইন ১৯২০ চনত বনোৱা হৈছিল। সেই আইনখনৰ ১২০ বছৰ হ'ল।সেই আইন অনুসৰি কেৱল ফিংগাৰপ্ৰিন্ট আৰু ফুটপ্ৰিন্ট লোৱাৰহে অনুমতি আছে।

কেন্দ্ৰই লোক সভাত উত্থাপন কৰা বিধেয়কখনৰ গুৰুত্বপূৰ্ণ বিষয় কেইটা তলত উল্লেখ কৰা হ'ল-

১)এই বিধেয়ক খন আইনত পৰিণত হলে পূৰ্বৰ আইনখন বাতিল হ'ব।
২) নতুন বিধেয়ক খন আইনত পৰিণত হ'লে তাৰ অধীনত অভিযুক্ত অথবা অপৰাধীৰ সকলো ধৰণৰ মাপ ল'ব পাৰিব।
৩) ইয়াৰ মৰ্মে অভিযুক্ত বা দোষীৰ চকুৰ ৰেটিনা, ফটো, ফিংগাৰ প্ৰিন্ট,হাতৰ প্ৰিন্ট, ফুটপ্ৰিন্ট, আৰু বায়লজিকেল চেম্পল ল'ব পাৰিব।
৪) দোষী বা অভিযুক্তৰ হাতৰ আখৰ, চহী আদি ৰাখিব পাৰিব।

আৰু পঢ়ক: অসমৰ দুই যুৱকৰ শৰীৰত বিয়েৰ ঢালি দাৰে ঘপিয়াই হত্যাৰ চেষ্টা মেঘালয়ৰ দুৰ্বৃত্তৰ….

amit shah lok sabha criminal procedure identification bill 2022