ডিজিটেল ডেস্কঃ দেৱ-দেৱীৰ কোপদৃষ্টিক ভ্ৰক্ষেপ নকৰি দুৰ্গোৎসৱৰ আনন্দৰ মাজতে চোৰে চলালে ছাফাই অভিযান। বাংলাদেশত চোৰে লুটি নিলে দেৱী মাৰ শিৰৰ মুকুট। এয়া কোনো সাধাৰণ মুকুট নহয়। এই মুকুটৰ দাতাগৰাকী আছিল দেশৰ প্ৰধানমন্ত্ৰী ৷
ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, বাংলাদেশৰ সাতখিৰা জিলাৰ যশোৰেশ্বৰী মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দান কৰা সোণৰ মুকুট চুৰি কৰি লৈ যায়। এই ঘটনাক লৈ শুকুৰবাৰে ফেচবুকত এক পোষ্টযোগে ঢাকাত থকা ভাৰতীয় উচ্চ আয়োগে উদ্বেগ প্ৰকাশ কৰিছে।
সেই ফেচবুক পোষ্টটোত লিখে যে ২০২১ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত সাতখিৰা জিলাৰ যশোৰেশ্বৰী কালি মন্দিৰক উপহাৰ দিয়া মুকুটো চুৰি হোৱাৰ খবৰ আমি পাইছো। আমি এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ চৰকাৰক অনুৰোধ জনাইছো যে চুৰিৰ তদন্ত কৰক, মুকুট উদ্ধাৰ কৰক আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক।
বৃহস্পতিবাৰে (১০ অক্টোবৰ) বিয়লি ২.৪৭ বজাৰ পৰা ২.৫০ বজাৰ ভিতৰত সোণৰ মুকুটো চুৰি হৈছিল। মন্দিৰৰ চিচিটিভি ফুটেজত এজন যুৱকে মুকুট চুৰি কৰা দেখা গৈছে।
জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি পূজাৰ অন্তত পুৰোহিত দিলীপ কুমাৰ বেনাৰ্জীয়ে মন্দিৰৰ চাবি লৈ তাত সেৱাৰ দায়িত্বত থকা ৰেখা সৰকাৰৰ ওচৰলৈ যায়। সেই সময়ত ৰেখাকে ধৰি বিভিন্ন স্থানৰ ভক্তসকল মন্দিৰ চৌহদত উপস্থিত আছিল।
ইফালে সেৱাৰ দায়িত্বত থকা ৰেখা চৰকাৰে জনোৱা মতে, দুপৰীয়া আহাৰ খাই পূজা শেষ কৰি পুৰোহিত বাবুৱে মন্দিৰৰ চাবি মোৰ হাতত তুলি দি ঘৰলৈ গ’ল। ইয়াৰ পিছত মই কাষৰ টিউৱেলটোলৈ গৈ পূজাত ব্যৱহাৰ কৰা বাচন-বৰ্তনবোৰ ধুবলৈ গৈছিলো ৷ তাৰ পৰা আহি মূৰ্তিটোৰ মূৰত মুকুটো দেখা নাছিলো।
শ্যামনগৰ আৰক্ষী থানাৰ পৰিদৰ্শক তাইজুল ইছলামে কয়, "আমি চোৰক চিনাক্ত কৰিবলৈ মন্দিৰৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি আছো।" উল্লেখ্য যে ৰূপ আৰু সোণৰ আৱৰণেৰে নিৰ্মিত মুকুটটোৱে সাংস্কৃতিক তাৎপৰ্য আৰু ধৰ্মীয় গুৰুত্ব বহন কৰে।
Also Read: আমেৰিকাৰ ৰোষত অসমৰ এজন বিজ্ঞানী...