ডিজিটেল সংবাদ, গুৱাহাটী : সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু দিৱসত মঙলবাৰে ফে'চবুকৰ জনপ্ৰিয় গোষ্ঠী 'সুগন্ধি পখিলা'ৰ সদস্য-সদস্যাসকলে গুৱাহাটীৰ গীতানগৰ হাইস্কুলৰ খেলপথাৰত দিনজোৰা সাংস্কৃতিক অনুষ্ঠানেৰে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। সংগঠনটোৰ সভাপতি প্ৰশান্ত শৰ্মাই পুৱা পতাকা উত্তোলন কৰাৰ পিছতে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকাৰ পত্নী শোভা হাজৰিকাই।
কবি প্ৰয়াত হীৰেন ভট্টাচাৰ্যৰ প্ৰতি একেদৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে উপদেষ্টা শৰ্মিলা ডেকাই। 'সুগন্ধি পখিলা'ৰ সদস্য-সদস্যাসকলে সমস্বৰে পৰিৱেশন কৰে সুধাকণ্ঠৰ কালজয়ী গান 'মানুহে মানুহৰ বাবে '।
মঞ্চত শোভা হাজৰিকাক সম্বৰ্ধনা জনোৱাৰ পিছতে তেওঁ চমু বক্তব্য আগবঢ়ায় । অনুষ্ঠানত গুৱাহাটীৰ ৩৭ নং ৱাৰ্ডৰ পাৰিষদ স্বপ্না দেৱী শৰ্মাক আদৰণি জনোৱা হয় আৰু তেওঁ এনে আয়োজনৰ বাবে 'সুগন্ধি পখিলা'ৰ শলাগ লৈ ভবিষ্যতে সহায়-সহযোগিতাৰ আশ্বাস দিয়ে।
অনুষ্ঠানত গীতানগৰ হাইস্কুলৰ এদল ছাত্ৰীয়ে ভূপেন হাজৰিকাৰ গীতত সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰে। সভাপতি প্ৰশান্ত শৰ্মা, কল্পনা শৰ্মা আৰু শিল্পী ব্ৰজেন ভাইকণে সুন্দৰকৈ আঁত ধৰা অনুষ্ঠানটোত অভিনেতা মনোজ গগৈক বিশেষ সন্মান জনোৱা হয়।
উল্লেখনীয় যে ড° ভূপেন হাজৰিকাৰ অলেখ আপুৰুগীয়া গানৰ সংৰক্ষণ কৰা শিল্পী ধ্ৰুৱজ্যোতি ডেকা, জনপ্ৰিয় গীত 'শংকৰে সিঁচে নামৰ কঠিয়া'ৰ স্ৰষ্টা শিল্পী ৰসানন্দ গগৈ আৰু গীতিকাৰ-সুৰকাৰ মণি মহন্তক 'সুগন্ধি পখিলা'গোষ্ঠীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধিত ব্যক্তি কেইজনেও বক্তৃতা,গীত আদিৰ মাজেৰে ড° হাজৰিকাৰ প্ৰতিভা আৰু অৱদানৰ বিষয়ে কয়।
অনুষ্ঠানৰ মঞ্চখন স্বপ্নীল বৰুৱাৰ স্মৃতিত জ্যেষ্ঠা ভগ্নী জিতা বৰুৱা আৰু জিতু দত্তই আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত জিতু দত্তক আৰু অনুষ্ঠানৰ প্ৰস্তুতিত বিশেষ সহযোগিতা আগবঢ়োৱা শৰ্মিলা ডেকা, সুচিত্ৰা ব্ৰহ্ম,অঞ্জু শৰ্মা আৰু দীপাঞ্জলি শৰ্মা তালুকদাৰক একোখন সঁফুৰা আৰু গামোচাৰে সন্মান জনোৱা হয়। 'সুগন্ধি পখিলা'ৰ সম্পাদক নীৰৱ জোনাকেও পৰিবেশন কৰে ভূপেন্দ্ৰ সংগীত।
প্ৰবীণ শৰ্মা, প্ৰাঞ্জল শৰ্মা, হৃদয় শৰ্মাই বাদ্য সংগত কৰা বৰ্ণময় অনুষ্ঠানটোত ভূপেন হাজৰিকাৰ গীত, তেওঁক লৈ ৰচিত কবিতা, গীত, নৃত্যৰে সজাই তোলা সকল আছিল অঞ্জু শৰ্মা, হেমলতা গগৈ, প্ৰশান্ত শৰ্মা, ৰূপৰেখা পাঠক, নমিতা কলিতা,গীতা ৰানী দাস পাঠক, জোন কলিতা,অন্নদা বড়ো, ৰুলী শৰ্মা, চিত্ৰা ডেকা, অঞ্জু ভূঞা, সন্ধ্যাৰাণী ডেকা, ৰঞ্জিতা সিংহ, কৰুণা ৰায়, ধৰিত্ৰী চৌধুৰী,পুৰ্ণিমা কলিতা,কল্পনা দেৱী,কল্পনা নাথ,কল্পনা দত্ত, পদ্মা লহকৰ, প্ৰতিমা বৈশ্য, প্ৰবীন শৰ্মা,মিন্টু শৰ্মা, সৰোজিনী বসুমতাৰী।