মূল্যবৃদ্ধিৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ…

মূল্যবৃদ্ধিৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ…

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধিৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ…

ডিজিটেল ডেস্ক: দেশত হৈ থকা মূল্যবৃদ্ধিৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী সকলে লাভ কৰে কিছু সকাহ।

চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে DA (Dearness Allowance) বৃদ্ধিৰ ঘোষণা কৰিছে। যাৰ ফলত  কেন্দ্ৰীয় কৰ্মচাৰী সকলৰ DA  ৩১ শতাংশৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি পায়।

কেন্দ্ৰীয় কেবিনেটে সপ্তম দৰমহা আয়োগৰ আধাৰত দৰমহা আৰু পেঞ্চন লাভ কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলক দিয়া DA(Dearness Allowance), DR (Dearness Relief)  তিনি শতাংশ বৃদ্ধিত অনুমোদন জনাইছে।

 এই বৃদ্ধি কাৰ্যকৰী হোৱাৰ পিছত, কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলক বৰ্তমানৰ DA ৩১  শতাংশৰ পৰিৱৰ্তে ৩৪  শতাংশ লাভ কৰিব।

আৰু পঢ়ক:

Dearness Relief Dearness Allowance