শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সভাপতি দলজিৎ সিং শেঠীক নিলম্বন

চৰ্দাৰ ভগেল সিঙক অস্থায়ী সভাপতিৰ দায়িত্ব অৰ্পণ

author-image
Asomiya Pratidin
New Update
শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সভাপতি দলজিৎ সিং শেঠীক নিলম্বন

ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰীৰ গুৰুদ্বাৰা শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীত এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত দেওবাৰে চৰ্দাৰ ভগেল সিঙক অস্থায়ী সভাপতিৰ দায়িত্ব অৰ্পণ কৰে। লগতে চৰ্দাৰ ৰাজ গুৰমিৎ সিঙক সাধাৰণ সম্পাদক হিচাপে লৈ ১৬০ জনীয়া শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ কমিটী খনক বৈধ ভাৱে ইয়াৰ কাৰ্যকৰী কমিটীয়ে স্বীকৃতি প্ৰদান কৰে।

সমগ্ৰ উত্তৰ-পূৱৰ লগতে চুবুৰীয়া পশ্চিমবংগ ৰাজ্যৰ পৰা প্ৰায় ৩০০ গৰাকী শিখ ধৰ্মাৱলম্বী লোকে আজি ধুবুৰীৰ গুৰুদ্বাৰলৈ আহি শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ ফালৰ পৰা আয়োজন কৰা এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠকত ভাগ লোৱা দেখা যায়। সেই বৈঠক খনতে আজিৰ কাৰ্যনিৰ্বাহক কমিটী খনে পূৰ্বৰ শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ কমিটীখন ভংগ কৰে।

এই সন্দৰ্ভত আজি শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সাধাৰণ সম্পাদক ৰাজ গুৰমিৎ সিঙে সাংবাদিকৰ আগত কয় যে, শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ন জোনৰ সভাপতি দলজিৎ সিং শেঠীয়ে ১৮ আগষ্টত ধুুবুৰীৰ গুৰুদ্বাৰত এখন সভাৰ আহ্বান জনাইছিল। সেই সভা খন অগণতান্ত্ৰিক আছিল বুলি তেওঁ আজি সাংবাদিকৰ আগত মন্তব্য কৰে। কাৰণ শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সংবিধান অনুসৰি যিকোনো সভা অনুষ্ঠিত কৰাৰ বাবে সাধাৰণ সম্পাদকৰ ওপৰত হে দায়িত্বভাৰ ন্যস্ত কৰা থাকে।

শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সাধাৰণ সম্পাদক নোহোৱাকৈ কোনো সভাপতিয়ে সভা অনুষ্ঠিত কৰিব নোৱাৰে বুলি তেওঁ সাংবাদিকৰ আগত কয়। এইক্ষেত্ৰত যোৱা ১৮ আগষ্টৰ সভাখন স্থগিত ৰাখি ২৫ আগষ্টত সভাখন অনুষ্ঠিত কৰাৰ বাবে তেওঁ এখন জাননিও জাৰি কৰিছিল বুলি উল্লেখ কৰে। কিন্তু শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সভাপতি দলজিৎ সিং শেঠীয়ে উক্ত জাননিৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ ১৮ আগষ্টত বলপূৰ্বক ভাৱে ১০ জন সদস্যক লগত লৈ সভাখন অনুষ্ঠিত কৰিছিল বুলি আজি তেওঁ সাংবাদিকৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰে।

দলজিৎ সিং শেঠীয়ে ১৮ আগষ্টৰ সেই সভা খনতে কাৰো লগত কোনো পৰামৰ্শ নকৰাকৈ মাত্ৰ ১০ জন সদস্যৰ উপস্থিতিত অন্যায় ভাৱে শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ কমিটী খন ভংগ কৰি দি তেওঁ নিজৰ মতে এখন নতুন কমিটী বনাই দিছিল বুলি আজি চৰ্দাৰ ৰাজ গুৰমিৎ সিঙে সাংবাদিকৰ আগত নিজৰ ক্ষোভ ব্যক্ত কৰি কয়। সেই নতুন কমিটী খনৰ সভাপতি পদত দলজিৎ সিং শেঠীয়ে নিজে সভাপতি হিচাপে থাকি ভূপেন্দৰ সিঙক সাধাৰণ সম্পাদক হিচাপে ৰাখিছিল বুলি ৰাজ গুৰমিৎ সিঙে ব্যক্ত কৰে।

এই পৰিপ্ৰেক্ষিতত শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ন জোনৰ বেছি ভাগ বিষয়ববীয়াই দলজিৎ সিং শেঠীৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। সেইমতে আজি শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ন জোনৰ কাৰ্যকৰী সভাপতি দেৱেন্দ্ৰ সিং সেহনি, চৰ্দাৰ ভগেল সিং, চৰ্দাৰ ৰাজ গুৰমিৎ সিঙকে ধৰি শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ন জোনৰ প্ৰায় ১৬০ জন বিষয়-ববীয়াৰ লগতে অসম, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগৰ পৰা অহা পায় ৩০০ জন শিখ ধৰ্মৰ লোকে আজি ধুবুৰীৰ গুৰুদ্বাৰত উপস্থিত থাকি এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰে।

আজিৰ সেই কাৰ্যনিৰ্বাহক সভা খনতে শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ন জোনৰ সভাপতি দলজিং সিং শেঠীক সভাপতিৰ পদৰ পৰা নিলম্বন কৰি তেওঁৰ ঠাইত অস্থায়ী ভাৱে চৰ্দাৰ ভগেল সিঙক সভাপতি পদৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে পূৰ্বৰ সাধাৰণ সম্পাদক চৰ্দাৰ ৰাজ গুৰমিৎ সিঙক সাধাৰণ সম্পাদক হিচাপে লৈ ১৬০ জনীয়া সেই কাৰ্যকৰী কমিটী খনকে আজিৰ সভাই স্বীকৃতি প্ৰদান কৰে।

ইয়াৰ লগতে আজি শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ন জোনৰ পূৰ্বৰ কমিটী খন ভংগ কৰি দি আজিৰ কাৰ্যনিৰ্বাহকত ঘোষণা কৰা কমিটী খনকে সভাই বৈধ বুলি ঘোষণা কৰে। আনপিনে আজিৰ শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ন জোনৰ কাৰ্যকৰী সভাত দলজিৎ সিং শেঠীক উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও আজিৰ কাৰ্যনিৰ্বাহকৰ বৈঠকত দলজিৎ সিং শেঠী আৰু সম্পাদক ভূপেন্দৰ সিং অনুপস্থিত আছিল বুলি জানিব পৰা গৈছে।

Also Read: মহাবাহু এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

assam sikh punjabi