সাৱধান! অসম পালেহি 'ডানা'...

সাৱধান! অসম পালেহি 'ডানা'...
Published on
Updated on

ডিজিটেল ডেস্কঃ সাৱধান অসমত প্ৰৱেশ কৰিলে সাগৰীয় ঘূৰ্ণিবতাহ ডানাই। অইন ৰাজ্যৰ দৰে প্ৰভাৱ নপৰিলেও ইতিমধ্যে ডানাৰ প্ৰভাৱত নামনি অসমত কেইবাখনো জিলাত আৰম্ভ হৈছে বৃষ্টিপাত। ইফালে গুৱাহাটীকে ধৰি মধ্য অসমৰ কেইবাখনো জিলাত বতৰ সেমেকা হোৱাৰ লগতে ঠায়ে ঠায়ে কিনকিনিয়া বৰষুণো পৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, ওড়িশাৰ পুৰী আৰু পশ্চিম বংগৰ সাগৰ দ্বীপৰ মাজেৰে পাৰ হৈ আহিছে ধুমুহা ডানা। ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সামুদ্ৰিক অঞ্চলসমূহত ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে। আই এম ডিয়ে মাছমৰীয়াসকলক ২৬ অক্টোবৰলৈকে সাগৰত নাযাবলৈ পৰামৰ্শ দিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এক বিবৃতি জাৰি কৰি কয় যে এই বতৰ প্ৰণালীয়ে ইয়াৰ গতি বজাই ৰাখি ২৪ অক্টোবৰৰ নিশাৰ পৰা ২৫ অক্টোবৰৰ পুৱাৰ ভিতৰত উত্তৰ ওড়িশা আৰু পশ্চিম বংগৰ উপকূল অতিক্ৰম কৰিব পাৰে, যাৰ গতি বেগ ১০০-১১০ কিমি/ঘণ্টাৰ পৰা ১২০ কিমি/ঘণ্টালৈকে হ’ব পাৰে।

২৪ অক্টোবৰত ওড়িশাৰ পুৰী, খুৰ্দা, গঞ্জাম আৰু জগতসিংপুৰ জিলাত বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ (৭ ৰ পৰা ২০ চেমি) আৰু অন্যান্য স্থানত অত্যাধিক ধাৰাসাৰ বৰষুণৰ (২০ চেমিতকৈ অধিক) বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

একেদৰে, বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ বাবে ভদ্ৰক, বালাচোৰ, জাজপুৰ, আংগুল, ঢেংকানাল, বৌধ, কালাহাণ্ডি, ৰায়গাদা, কোৰাপুট, মালকানগিৰি, ময়ূৰভঞ্জ আৰু কেওনঝাৰ জিলাত য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে।

২৪ অক্টোবৰৰ পুৱালৈকে উত্তৰ-পশ্চিম দিশলৈ গৈ ওড়িশা-পশ্চিম বংগ উপকূলৰ ওচৰৰ বংগৰ উত্তৰ-পশ্চিম উপসাগৰত উপনীত হোৱাৰ সম্ভাৱনা আছে। ইফালে সাগৰীয় এই ধুমুহাক লৈ ৰে'ল বিভাগেও সৰ্তকতা জাৰি কৰাৰ লগতে কেইবাখনো ৰেল যাত্ৰা স্থগিত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in