ৰূপহী ৰঙিয়াৰ সৌজন্যত নৃত্য প্ৰতিযোগিতা...

ৰূপহী ৰঙিয়াৰ সৌজন্যত নৃত্য প্ৰতিযোগিতা...
Published on
Updated on

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী সামাজিক, সাংস্কৃতিক সংস্থা 'ৰূপহী ৰঙিয়া'ৰ সৌজন্যত সোমবাৰে ৰঙিয়াৰ আই.টি.আই.(প্ৰা.) প্ৰেক্ষাগৃহত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ নাথ শৰ্মাই ৷ প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে যুৱ সমাজকৰ্মী উদ্দীপ্ত শালৈয়ে৷ নৃত্য প্ৰতিযোগিতাৰ শুভাৰম্ভনি কৰে ধ্ৰুৱজ্যোতি কলিতাই ৷

প্ৰতিযোগিতাত বিচাৰক হিচাপে থাকে চুইটি চৰকাৰ আৰু আকাশ দ্বীপ দাস ৷ নৃত্য প্ৰতিযোগিতাৰ প্ৰথম লাভ কৰে শ্যামন্তিকা চৌধুৰী, দ্বিতীয় স্থান লাভ কৰে জিমলি কাশ্যপ, তৃতীয় তৃতীয় স্থান লাভ কৰে ভায়োলিনা কাশ্যপে৷ নিচুকনি বঁটা লাভ কৰে মিনাক্ষী ৰাজবংশী আৰু ফাৰহিনা নাৰ্গিছ ৷ অনুষ্ঠানত উপস্থিত থকা প্ৰতিযোগীসকলৰ অভিভাৱক-অভিভাৱিকাসকলক সজাগ কৰাৰ নিমিত্তে 'ৰূপহী ৰঙিয়া'ই ঘোষণা কৰা সচেতন অভিভাৱক-অভিভাৱিকা বঁটা লাভ কৰে জোনালী কলিতা, সঙ্গীতা দাস নিৰঞ্জন ৰাজবংশীয়ে ৷ স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলক বঁটাসমূহ প্ৰচাৰ বিভাগৰ সভাপতি-সম্পাদক ক্ৰমে মহেন্দ্ৰ কলিতা আৰু চৈয়দ মোস্তাফা আহমেদে বিতৰণ কৰে ৷

অনুষ্ঠানৰ শেষত “ৰূপহী ৰঙিয়া”ৰ সভাপতি অৰূপ কুমাৰ দাসে অৰূপ জ্যোতি নাথ,উদ্‌যাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ নাথ শৰ্মা, সম্পাদিকা কৃষ্ণা বৰ্মন কলিতা, সহঃ সম্পাদক দিব্যজ্যোতি দাস,গকুল কলিতা,কমল কলিতা,সংবাদকৰ্মী মইনুল হক, সৰু খান, হেমেন কলিতা, দীপশিখৰ কলিতা, খাইৰুল হুছেইন, মনোজ(মন) কাকতি আদি ব্যক্তি সকলৰ লগতে অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ সুযোগ প্ৰদান কৰা বাবে ৰঙিয়াস্থিত আই.টি.আই.(প্ৰা)ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি কলিতাক অশেষ ধন্যবাদ জ্ঞাপন কৰে ৷

ৰূপহী ৰঙিয়াৰ সৌজন্যত নৃত্য প্ৰতিযোগিতা...
দেশত নিষিদ্ধ ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in