ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে চাৰিলেন যুক্ত ৰাষ্টীয় ঘাই পথ সোনকালে নিৰ্মাণৰ বাবে ভেবাৰঘাট বাছ আস্থানত পথ সভা আৰু অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে মঙলদৈত যোৱা তিনিদিনত ৫ জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় মঙলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই হৈ থকা দুৰ্ঘটনাৰ নিৰাময়ৰ বাবে এই কাৰ্য্যসূচী ৰূপায়ন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাই। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন যুক্ত কৰাৰ দাবী পুনৰবাৰ উত্থাপন কৰে জিলা ছাত্ৰ সন্থাই।
আগন্তুক ৬মাহৰ ভিতৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম হাতত নল'লে প্ৰতিবাদী কাৰ্যসূচীৰ হুংকাৰ দিয়ে ছাত্ৰ সন্থাই। বাইপাছৰ কাম ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰি দুৰ্ঘটনা নিৰাময় কৰিবৰ বাবে এই কাৰ্য্যসূচী ৰূপায়ন কৰে। এই কায্যসূচীত জিলা ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ লগতে বিভিন্ন দল সংগঠনেও অংশগ্ৰহণ কৰে।