ৰাইডঙীয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ

ৰাইডঙীয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ
Published on
Updated on

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইডঙীয়া ভাটি খণ্ডৰ নিজ ঘৰৰ পাছফালৰ হাবিত এজন যুৱকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো সুৰেন কলিতা নামৰ এজন ২৬ বছৰীয়া যুৱকৰ।বিনু কলিতা নামৰ স্বামীহীনা মহিলা গৰাকীৰ একমাত্ৰ পুত্ৰ সুৰেন কলিতা ১৫ মে'ৰ পৰা নিৰুদ্দেশ হৈ আছিল।

আজি বিয়লি স্থানীয় লোকে পচা গোন্ধ অনুসৰণ কৰি বাৰিৰ মাজত গছৰ ডালত ৰছীত উলমি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে। পাছত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ৰাইডঙীয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ
দেৱলীনা হত্যাকাণ্ডঃ স্বামী পৱন বৰুৱাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in