ডিজিটেল ডেস্কঃ আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী। ২০১৫ চনৰ ২৭ জুলাইত কালামে শ্বিলঙস্থিত IIMত এক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত বক্তৃতা দি থকা অৱস্থাতে অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰে মিছাইল মানৱ ড০ কালামে।
ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে তেখেতক ভাৰতৰ মিছাইল মানৱ উপাধি প্ৰদান কৰা হৈছিল।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰগতি আৰু ভাৰতৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ড০ এ পি জে আব্দুল কালামে। তেখেতৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোৱৰত তামিলনাডুৰ ৰামেশ্বৰমত।
এ পি জে আব্দুল কালাম এজন এৰোস্পেচ বিজ্ঞানী হোৱাৰ উপৰিও ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আছিল। তেওঁ ২০০২ৰ পৰা ২০০৭ চনলৈ দেশৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছিল ৷
বিজ্ঞান প্ৰতিৰক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ বৰঙনিৰ বাবে ১৯৯৭ চনত আব্দুল কালামলৈ দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ বঁটা প্ৰদান কৰা হৈছিল। তেওঁৰ সৰলতা আৰু জনসাধাৰণৰ সৈতে গভীৰ সংযোগৰ বাবে কালামক ‘‘জনসাধাৰণৰ ৰাষ্ট্ৰপতি’’ বুলিও কোৱা হয়।
Also Read: বৰপেটাৰ ভক্তৰডবাস্থিত দেশভক্ত সমবায় সমতি লিমিটেডত বগা চাউলৰ ক'লা ব্যৱসায়