ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বাংঠাই-ফাকলি পথাৰত নৱ দুই মহলীয়া এটি পৰিত্যক্ত গৃহত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোবা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ টোকোলাই বেবেজীয়া নিৱাসী অৰুণ বনিয়াৰ গৃহত বাবুল নামৰ এজন প্ৰায় ৩২ বছৰীয়া যুৱক জন ঘৰত বনকৰা ল'ৰা হিছাপে আছিল ৷
সোমবাৰে দিনৰ ১০ মান বজাত বনিয়াৰ গৃহৰ পৰা পোহনীয়া গৰু গাই আদি পথাৰত এৰাল দিবলৈ গৈ দিনটো ঘৰলৈ ঘুৰি নহাত নিশা গৃহস্থই বিচাৰ খোচাৰ কৰি শেষত বাংঠাই-ফাকলি পথাৰৰ মাজত পৰিত্যক্ত ঘৰটোত যুৱক জনৰ মৃতদেহৰ সন্ধান লাভ কৰি বেবেজীয়া আৰক্ষীক খবৰ দিয়ে ৷ বেবেজীয়া আৰক্ষীয়ে নিশাৰ ভাগতে মৃত যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
উল্লেখ্য যে, যুৱক জনৰ মৃত্যু সন্দৰ্ভত ৰহস্যৰ আৱৰ্তত দেখা যায় ৷ কাৰণ যুৱক জনৰ নাকেৰে ৰক্তক্ষৰণ হোৱা ৰাইজে প্ৰত্যক্ষ কৰিছে ৷ একাংশই ক'ব খোজে যে, প্ৰায়েই মদ্যপাণ কৰা যুৱকজনে হয়তো বেছিকৈ মদ্যপাণ কৰি ঘৰটোৰ চিৰিয়েদি ওপৰৰ পৰা তললৈ চুচৰি পৰাৰ বাবে মৃত্যুক সাবতি লয় ৷
অন্যহাতে আৰক্ষীয়ে অনুমান কৰা মতে যুৱক জনে ঘৰটোৰ চাদৰ পৰা পিচলি পৰি মৃত্যুক সাবতি ল'বলগীয়া হয় ৷ অৱশ্যে সকলো তথ্য মৰনোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব ৷