ডিজিটেল ডেস্কঃ বিষাক্ত সুৰা সেৱন কৰি এই পৰ্যন্ত প্ৰাণ হেৰুৱালে ৩০ জনকৈ লোকে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ছপ্ৰাত। ১৪ ডিচেম্বৰ, বুধবাৰে প্ৰথমে এই ঘটনা পোহৰলৈ আহিছিল।
উক্ত দিনটোত প্ৰথমে ৬ জন লোক বিষাক্ত সুৰা সেৱন কৰাৰ ফলত মৃত্যু মুখত পৰিছিল। তাৰ পিছত সন্ধিয়াৰ ভাগলৈ এই সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইগৈ। আৰু আজি মৃত্যুৰ সংখ্যাই ৩০ ৰ ঘৰ স্পৰ্শ কৰিছে।
উল্লেখ্য যে এই ঘটনা বিহাৰৰ ছপ্ৰাৰ ইচুয়াপুৰ আৰক্ষী থানা অঞ্চলত সংঘটিত হৈছে। বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
কিয়নো এই মুহূৰ্ততো হস্পিতালত বিষাক্ত সুৰা সেৱন কৰি বহু লোক সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে। মন কৰিবলগীয়া যে বিহাৰত সুৰা নিষিদ্ধ। যাৰ বাবে এই লোকসকলে সুৰাৰ নামত বিষাক্ত পানীয় সেৱন কৰাৰ বাবেই এই ঘটনা সংঘটিত হ'বলৈ পালে।
ইফালে বিহাৰত সুৰাৰ ওপৰত যি নিষেধাজ্ঞা আৰোপ কৰা আছে সেই নিষেধাজ্ঞাক লৈ বুধবাৰে বিহাৰ বিধানসভাৰ অধিৱেশনৰ মাজতে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিজেপি বিধায়ক তথা বিৰোধী দলৰ নেতা বিজয় কুমাৰ সিনহাই ছপ্ৰাত বিষাক্ত সুৰা সেৱন কৰি বহু লোকৰ মৃত্যু হোৱা ঘটনাৰ পিছতে সুৰাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিৰোধীক আক্ৰমণ কৰি কয় বিহাৰত সুৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত যি আইন প্ৰস্তুত কৰা হৈছিল সেই আইনলৈ বিজিপিয়েও সমৰ্থন আগবঢ়াইছিল। উল্লেখ্য যে, বিহাৰত সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে সুৰা বিক্ৰী আৰু ক্ৰয়ৰ বৈধ পক্ৰিয়া বন্ধ হৈ আছে। কিন্তু অবৈধ ভাৱে বিহাৰৰ প্ৰতিটো অঞ্চলতে এতিয়াও সুৰা সহজলভ্য বুলি খবৰ প্ৰকাশ পাইছে।
Bihar: A total of four deaths reported so far in Kanti, Muzaffarpur allegedly due to consumption of spurious liquor. Details awaited.
— ANI (@ANI) November 9, 2021
ক্লিক কৰি পঢ়কঃ মিচ ওৱৰ্ল্ড কিডচ্ নিকিতা বৰালৈ ৰাজ্যিক শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ খিতাপ, ২০২২