শিশুৰ সৈতে এটা দিন; প্ৰশান্তিৰে বিদায় ল'লে এইগৰাকী অধ্যক্ষাই...

বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আড়ম্বৰপূৰ্ণভাৱে শিশু দিৱস উদযাপন কৰা হয়। অহা ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া বিদ্যালয়খনিৰ অধ্যক্ষা দেৱাহুতি মহন্তই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বঢ়মপুৰ

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আড়ম্বৰপূৰ্ণভাৱে শিশু দিৱস উদযাপন কৰা হয়। অহা ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া বিদ্যালয়খনিৰ অধ্যক্ষা দেৱাহুতি মহন্তই সম্পূৰ্ণ ব্যয় বহন কৰি বিদ্যালয়খনৰ উচ্চ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ সমূহ ছাত্ৰ-ছাত্ৰীক দুপৰীয়াৰ আহাৰ খুওৱাৰ লগতে শিশু দিৱসৰ দিনটোতে তেওঁলোকৰ পৰা অনানুষ্ঠানিক বিদায় লয়।

বঢ়মপুৰ

অৱসৰ গ্ৰহণ কৰিবলগীয়া অধ্যক্ষা গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত অতিকে প্ৰিয় আছিল। তেৱো শিক্ষাৰ্থী সকলক অতিকে মৰম কৰিছিল। পৰৱৰ্তী বৰ্ষত যিহেতু তেওঁ শিশু দিৱসত ছাত্ৰ-ছাত্ৰীৰে একলগ হবলৈ নাপাব সেইবাবে আজি শিশু দিৱসটো এক ব্যতিক্ৰমী ৰূপত উদযাপনৰ ব্যৱস্থা কৰে দেৱাহুতি মহন্তই। 

বঢ়মপুৰ ১

হাঁহি-ধেমালী আৰু একেলগে বিদ্যালয় প্ৰাংগণত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ দৃশ্য আছিল অতিকে মনোৰম। যাৰ মাজত বিদায়ৰ বেদনা আংশিকভাৱে হ'লেও পাহৰি যাবলৈ দেৱাহুতি মহন্তই সকলোকে আজিৰ দিনটোত মত বিনিময় আৰু আপোনত্তৰ মাজত ডুব গৈ থাকিবলৈ এই ব্যৱস্থা লয়। 

বঢ়মপুৰ ২

আনহাতে অহা ৩০ নৱেম্বৰত তেওঁৰ অৱসৰৰ দিনটোত সমূহ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীক নিজৰ ঘৰত এসাজ ভাত খোৱাই তেওঁ নিজে বিদায় লোৱাৰ প্ৰস্তুতিও চলোৱা বুলি জানিব পৰা গৈছে।

বঢ়মপুৰ ৩

 উল্লেখযোগ্য যে, সাধাৰণতে কোনো বিদ্যালয়ৰ শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে তেওঁক ছাত্ৰ,শিক্ষক-শিক্ষয়িত্ৰীয়ে এক বেদনা দায়ক পৰিবেশৰ মাজত উপহাৰ আদি দি বিদ্যালয়খনৰ পৰা বিদায় দিয়ে। কিন্তু দেৱাহুতি মহন্তই সেই পৰম্পৰা সলনি কৰি নিজে ছাত্ৰ-ছাত্ৰীৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীলৈ সকলোকে এসাজ ভাত খোৱাই আনন্দৰ মাজেৰে বিদায় লোৱাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।

বঢ়মপুৰ শিশু দিৱস