ৰাজ্যসভাৰ সিদ্ধান্ত: নিয়মীয়াকৰণ হ'ব ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি

ৰাজ্যসভাৰ সিদ্ধান্ত: নিয়মীয়াকৰণৰ হ'ব ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি

author-image
asomiyapratidin
New Update
ৰাজ্যসভাৰ সিদ্ধান্ত: নিয়মীয়াকৰণ হ'ব ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি

ডিজিটেল ডেস্কঃ ৰাজ্যিক মন্ত্রীসভাই উচ্চ মাধ্যমিকৰ ৪ হাজাৰ ৬০০ৰো অধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি প্রায় নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই নিয়ম বাধ্যতামূলক নহয় আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে ইচ্ছা কৰিলে পূৰ্বৰ দৰে ঠিকাভিত্তিক শিক্ষক হিচাপে কাম কৰাৰ বিকল্প গ্রহণ কৰিব পাৰিব।

উল্লেখযোগ্য যে মন্ত্রীসভাই লগতে ১৯ ছেপ্তেম্বৰত দুখন আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ প্ৰথমখন আঁচনিৰ অধীনত ১২ লাখ ৬০ হাজাৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিত সংলগ্ন কৰা হ'ব। এই হিতাধিকাৰীসকলে ১০ জানুৱাৰীৰ ভিতৰত প্ৰথম কিস্তিৰ ধন লাভ কৰিব।

দ্বিতীয়খন আঁচনিৰ অধীনত ১৭ লাখ নতুন লোকক ৰেচন কার্ড প্রদান কৰা হ'ব। মন্ত্রীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰে। ইয়াৰোপৰি মন্ত্রীসভাই কোকৰঝাৰত ষ্টেডিয়াম নির্মাণৰ বাবে ১০৭ কোটি টকাত অনুমোদন জনাইছে।

একেদৰে ডাউন টাউনৰ উৰণীয়া সেতুৰ বাবে ১১১কোটি টকাত অনুমোদন দিছে। ইফালে চিৰিয়াখানা উন্নয়নৰ বাবে মন্ত্রীসভাই ৩৬২ কোটি টকাত অনুমোদন জনাইছে। চিৰিয়াখানাই দুটা কিস্তিত এই ধন লাভ কৰিব।

Also Read: মায়ঙৰ পাতেকীবৰীত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা

himanta biswa sarma