ডিজিটেল ডেস্কঃ দিল্লীৰ ১৩টা কোচিং চেন্টাৰত তলা লগালে দিল্লী পৌৰ নিগমে। শনিবাৰে দিল্লীৰ পুৰণি ৰাজেন্দ্ৰ নগৰত সংঘটিত ঘটনাৰ পিছতেই এই সিদ্ধান্ত লৈছে দিল্লী পৌৰ নিগমে। নিয়ম উলংঘা কৰি সেই অঞ্চলটোত নিৰ্মাণ কৰাৰ বাবেই ছীল কৰিছে প্ৰশাসনে।
উল্লেখযোগ্য যে ছাত্ৰকেইগৰাকীৰ মৃত্যুৰ এই কৰুণ ঘটনাৰ পিছতে দিল্লী পৌৰ নিগমে ৰাজেন্দ্ৰ নগৰৰ বেছমেণ্টত নিয়ম উলংঘা কৰি থকা সকলো ক’চিং চেণ্টাৰ ছীল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি দিল্লীৰ মেয়ৰ ডাঃ শৈলী অ’বেৰয়ে সামাজিক মাধ্যমযোগে সদৰী কৰিছে। এই কোচিং চেন্টাৰসমূহলৈ দিল্লী পৌৰ নিগমে জাননী জাৰি কৰি জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে।
ছীল কৰা কোচিং চেন্টাৰসমূহৰ ভিতৰত আছে আই এ এছ গুৰুকুল, চাহল একাডেমী, প্লুটাছ একাডেমী, চাই ট্ৰেডিং, আই এ এছ ছেতু, টপাৰছ একাডেমী, দৈনিক সংবাদ, চিভিলছ ডেইলী আই এ এছ, কেৰিয়াৰ পাৱাৰ, ৯৯ নোটছ, বিদ্যা গুৰু, গাইডেন্স আই এ এছ, আৰু ইজি ফৰ আই এ এছ।
উল্লেখযোগ্য যে শনিবাৰে ধাৰাষাৰ বৰষুণৰ ফলত পুৰণি ৰাজেন্দ্ৰ নগৰৰ এটা কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানীৰে ভৰি পৰাৰ ফলত ২গৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ ৪ঘন্টাৰো অধিক সময় পানীত আৱদ্ধ হৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল। এই ঘটনাৰ পিছতেই দিল্লী প্ৰশাসনে সেই অঞ্চলত অবৈধভাৱে নিৰ্মাণ কৰা কোচিং চেন্টাৰ ছীল কৰে।
Also Read: নগাঁৱত চুৰিকাঘাতৰ ঘটনা: যুৱকৰ চুৰিৰ আঘাতত আহত মহিলা