বিপদে এৰা নাই লগ! পুনৰ ১৪দিনৰ ন্যায়িক জিম্মালৈ কেজৰিৱালক...

বিপদে এৰা নাই লগ! পুনৰ ১৪দিনৰ ন্যায়িক জিম্মালৈ কেজৰিৱালক...
Published on
Updated on

ডিজিটেল ডেস্কঃ আদালতে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ১২জুলাইলৈ ন্যায়িক জিম্মাতে থাকিব লাগিব মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল।

তিনিদিনীয়া চি বি আইৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত শনিবাৰে ন্যায়ালয়ে এই ৰায় দিয়ে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে জেৰা কৰাৰ বাবে আম আদমী পার্টীৰ নেতাগৰাকীক জিম্মাত লোৱাৰ বাবে অনুৰোধ জনাই চি বি আইয়ে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি ২৬ জুনত কেজৰিৱালক তিনি দিনৰ তদন্তকাৰী সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

যোৱা ২০ জুনত দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিৱালক জামিন প্ৰদান কৰিছিল। এই সিদ্ধান্তক দিল্লী উচ্চ ন্যায়ালয়ত এডিয়ে প্ৰত্যাহ্বান জনাইছিল। উচ্চ ন্যায়ালয়ে বিচাৰ আদালতৰ এই সিদ্ধান্তত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছিল ।

উল্লেখযোগ্য যে, প্ৰায় ৬০০কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱাত ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰথমে ৯বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত নোহোৱাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

বিপদে এৰা নাই লগ! পুনৰ ১৪দিনৰ ন্যায়িক জিম্মালৈ কেজৰিৱালক...
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুধনৈত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱাৰ পৰিয়ালৰ কাষত জয়ন্ত মল্ল বৰুৱা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in