ডিজিটেল ডেস্কঃ ৰাজধানী নতুন দিল্লীত মেট্ৰ' ৰে'ল চলাচলৰ চতুৰ্থ পৰ্ব আৰম্ভ হৈছে। শুকুৰবাৰে এই পৰ্যায়ৰ প্ৰথমখন ৰে'ল চলাচল কৰে। দিল্লীৰ মেট্ৰ' যাত্ৰী সকলৰ প্ৰতি লক্ষ্য ৰাখি এই ৰে'ল সেৱাত বিশেষ উন্নয়ন সাধন কৰা হৈছে। দিল্লীৰ মেট্ৰ' ৰে'লৰ চতুৰ্থ পৰ্যায়ৰ অগ্ৰগতি এক বিশেষ খুটি হিচাপে পৰিগণিত হৈছে।
মেট্ৰ' ৰে'লৰ চতুৰ্থ সংযোজনে দিল্লীত সংযোগ বৃদ্ধি পাব আৰু যাত্ৰী সকলে বিশ্বমানৰ সেৱা লাভ কৰিব। দিল্লী মেট্ৰ' বিষয়া সকলৰ মতে, নতুনকৈ অহা এই ৰে'লৰ ছেটটোত ৬টা ডবা আছে। ডিএনআৰচিআৰএচ ৰ সৈতে হোৱা চুক্তি অনুসৰি তেওঁলোকে এনে ৩১২ টা মেট্ৰ' ৰে'লৰ ডবা লাভ কৰিব।
চতুৰ্থ পৰ্যায়ত সামৰি লোৱা মেট্ৰ' ৰে'লৰ এই কৰিডৰৰ ৫২খন মেট্ৰ' ৰে'ল চলাচল কৰিব। এই ৰে'ল সমূহে ঘন্টাত ৯৫ কিলোমিটাৰ গতিত যাত্ৰা কৰিব পাৰিব। এই যাত্ৰা হব নিৰাপদ আৰু চালক বিহীন। ইয়াত সকলো আধুনিক সা-সুবিধা উপলব্ধ হব।
দিল্লী মেট্ৰ'ৰ চতুৰ্থ পৰ্যায়ৰ সম্প্ৰসাৰণত নতুনকৈ ৮৬ কিলোমিটাৰ সামৰি ল'ব। এয়া হব মেকি ইন ইণ্ডিয়াৰ সফল পদক্ষেপ। ৫টা কৰিডৰৰ ভিতৰত ৩ টা নিৰ্মাণৰ কাম চলি আছে আৰু দুটা প্ৰী-টেণ্ডাৰিং ষ্টৰত আছে।