অসমত প্ৰলয়ংকৰী বান! বানৰ কবলত ২৮ খন জিলা, ৩৯জনৰ মৃত্যু...

অসমত প্ৰলয়ংকৰী বান! বানৰ কবলত ২৮ খন জিলা, ৩৯জনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ ৰাজ্যত জলপ্ৰলয়। ফেনে-ফোটোকাৰে ওফন্দি উঠিছে বহু নৈ-উপনৈ। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বান পৰিস্থিতিয়ে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুর্যোগ ব্যবস্থাপনা প্রাধিকৰণে জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৮ খন জিলা বানৰ কবলত পৰিছে। তথ্য অনুসৰি চলিত বৰ্ষৰ বানত এইপৰ্যন্ত ৩৯ জন লোকৰ মৃত্যু হৈছে। বুধবাৰে মৰিগাঁৱত এজন লোকৰ বানত মৃত্যু হয়।

তিনিচুকীয়া জিলাৰ ব্ৰহ্মপুত্র, বুঢ়ীদিহিং, নদিহিং, টিবাপ, কুণ্ডিল আদি নৈৰ পানী পূর্বতকৈ কিছু হ্রাস পাইছে যদিও জিলাখনত এতিয়াও ৪৪খন গাঁৱৰ ১৮ হাজাৰৰো অধিক লোক বানৰ কবলত আছে। যোৰহাট জিলাৰ বিভিন্ন অঞ্চল বানত ক্ষতিগ্রস্ত হৈছে। বুধবাৰে পশ্চিম যোৰহাটৰ চক্র বিষয়াই এছ ডি আৰ এফ দলৰ সৈতে বামুণীবিল, আমগুৰিৰ বান ক্ষতিগ্রস্ত অঞ্চল পৰিদর্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়।

একেদৰে তিনিচুকীয়া জিলাৰ আয়ুক্তই ডিবাক গাঁও পঞ্চায়তৰ অন্তর্গত চোমনি গাঁও পৰিদৰ্শন কৰি বানে কৰা ক্ষয়-ক্ষতিৰ বুজ লয়। তেওঁ লগতে নদিহিং নৈৰ মথাউৰি পৰিদৰ্শন কৰে।

ডিব্ৰুগড় জিলাৰ বান ক্ষতিগ্রস্ত বিভিন্ন স্থানত জনস্বাস্থ্য কাৰিকৰী বিভাগে ক্ষতিগ্রস্ত ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ লগতে পানী বিশুদ্ধকৰণৰ বাবে হেলোজেন টেবলেট বিতৰণ কৰিছে। জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু তিতাবৰ সমষ্টিৰ কংগ্ৰেছ দলব বিধায়ক ভাস্কৰ বৰুৱাই মাজুলীৰ বান পৰিস্থিতি পৰিদর্শন কৰে।

কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ কান্দিগ্রাম অঞ্চলৰ মথাউৰি বৰাক নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰাৰ ফলত জগন্নাথপুৰ, কান্দিগ্রামকে ধৰি বিস্তীর্ণ অঞ্চল বানত বুৰ গৈছে।বৰপেটা জিলাত ব্ৰহ্মপুত্ৰৰ লগতে কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাইছে।

বৰপেটা জলসম্পদ সংমণ্ডলৰ শেহতীয়া তথ্য অনুসৰি জিলাখনত ব্ৰহ্মপুত্র, নখান্দা, মৰা চাউলখোৱা, ভেলেঙী, কালদিয়া আৰু পহুমাৰা নৈৰ জলন্তৰ বিপদসীমাৰ ওপৰত আছে। ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে জিলাখনৰ দক্ষিণ প্রান্তৰ ঐতিহাসিক ডক্রেশ্বৰ, বাৰাদিকে ধৰি কেইবাখনো গাঁৱলৈ শংকা নমাই আনিছে। ডক্ৰেশ্বৰ দেৱালয়ৰ সমীপত নৱ-নির্মিত মথাউৰিটোৰ তলেৰে ব্ৰহ্মপুত্ৰ পানী নিগৰিবলৈ ধৰাৰ ফলত দেৱালয়খনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ লগতে কাষৰীয়া ৰাইজৰ মাজত আশংকাই দেখা দিছে।

ইফালে, গোৱালপাৰা জিলাত বানে জটিল ৰূপ লৈছে। জিলাখনত ব্রহ্মপুত্রব পানী বৃদ্ধি পোৱাত জলেশ্বৰ সমষ্টিৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত পৰিছে। গোৱালপাৰা চহৰৰ ১২ নম্বৰ ৱাৰ্ডৰ নতুন বস্তিত আৰু বলদমাৰীত কেইবাটাও বাসগৃহ পানীত বুৰ গৈছে। গোৱালপাৰা জিলাত ১৯২ খন গাঁও বানৰ কৱলত পৰিছে। জিলাখনৰ ৪৩ হাজাৰৰো অধিক লোক এই বানত ক্ষতিগ্রস্ত হৈছে।

আনহাতে নগাঁও জিলাৰ বান পৰিস্থিতি ক্ৰমশ জটিল হৈ পৰিছে। ইতিমধ্যে হোৱা দুটা বানপানীয়ে জিলাখনৰ কামপুৰ ,ৰহা ,নগাঁও সদৰ ৰাজহ চক্ৰৰ বিস্তৃত এলেকা তচনচ কৰাৰ পিছত এতিয়া জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ ৮৮ খনৰো অধিক গাঁও বানৰ কবলত পৰাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

বিশেষকৈ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বহু এলেকা বানৰ কবলত পৰাত ৰাইজৰ বিলৈ বিপত্তি নোহোৱা হৈছে। কপিলীৰ তৃতীয়টো বানত কামপুৰৰ শিমলাইপথাৰ, বকুলগুৰি ,কুম্ভিৰডুবি ,কপিলীকান ,১নং কুঢিমৰী ,নিজ নাৰিকলি , দেউৰীগাও গাৰুখুন্দা ,চাইবুক , মেধি ভকতগাৱকে ধৰি ১৪ খন গাঁও আৰু ৰহা ৰাজহ চক্ৰৰ বগলাজান ,কাকতিগাঁও,গুইমাৰী ,পূৱ গুইমাৰী , বন্দুৱাবিল ,বালিজুৰি ,ধৰমুখ আদিকে ধৰি ১৮ খন গাঁও পুনৰ বানৰ কবলত পৰায ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

জলসম্পদ বিভাগৰ তথ্য অনুসৰি বুধবাৰে সন্ধিয়া শিলঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হৈছে যদিও বিপদসীমাৰ ৩৭ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। ইপিনে কামপুৰত কপিলী বিপদসীমাৰ ১.৩৫ মিটাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে খেৰণিত কপিলী বিপদসীমাৰ ১৫ছেণ্টিমিটাৰ তলেৰে বৈ আছে। আনহাতে নগাঁও চহৰত কলং নৈ বিপদসীমাৰ ৫৮ ছেণ্টিমিটাৰ আৰু ৰহাত ১.১৩ মিটাৰ তলেৰে বৈ আছে। কলঙৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই অহাৰ পিছত নগাঁও চহৰ আৰু ৰহাত কলঙৰ জলপৃষ্ঠ বৃদ্ধি হোৱাটো উদ্বেগৰ বিষয় হৈ পৰিছে।

ব্রহ্মপুত্ৰৰ জলন্তৰ বিপজ্জনকভাবে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিৱহণ বিভাগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাত্রীবাহী ফেৰী সেৱা অনির্দিষ্ট কালৰ বাবে বাতিল কৰিছে। উল্লেখযোগ্য যে, অসমৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ তথা অন্যান্য নৈ-উপনৈসমূহ ওফন্দি ঠায়ে ঠায়ে মথাউৰি ছিগি বিভিন্ন অঞ্চল বুৰাই পেলাইছে। দুলীয়াজান সমষ্টিৰ টেঙাখাট হাতীবন্ধা ঘুমতলত বুঢ়ীদিহিং নৈৰ কাষতে থকা মথাউৰিটো কালি প্রায় ৫০ মিটাৰ অংশ ছিঙি যোৱাৰ ফলত দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল বানত বুৰ যায়।

অসমত প্ৰলয়ংকৰী বান! বানৰ কবলত ২৮ খন জিলা, ৩৯জনৰ মৃত্যু...
বোকাখাত প্ৰলয়ংকাৰী বান: ৰিলিফ মেনুৱেল সংশোধনৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in