ডিজিটেল ডেস্ক: যি কোনো মুহুৰ্ততে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে দেৱেন্দ্ৰ ফাডনাভিছৰ নাম ঘোষণা হ'ব পাৰে। বিজেপিৰ ১০৬ জন বিধায়ক আৰু নিৰ্দলীয় তথা বিসম্বাদী শিৱসেনাৰ বিধায়কৰ সহযোগত মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে।
গুৱাহাটীৰ পৰা বিসম্বাদী বিধায়ক সকলক নিবৰ বাবে সাজু কৰি থোৱা হৈছে চাৰ্টাৰ্ড বিমান। দিল্লীত দেৱেন্দ্ৰ ফাডনাভিছৰ সৈতে বিসম্বাদী শিৱসেনাৰ বিধায়ক সকলৰ নেতা একনাথ সিন্দেৰ গুৰুত্বপূৰ্ণ বৈঠকৰ অন্ততে এনে ঘোষণা কৰাৰ সম্ভাৱণা প্ৰৱল।
শিৱসেনা বিভাজিত হ'ব বুলি ভৱা হৈছিল যদিও বাল থাকৰেৰ নাম ব্যৱহাৰ কৰি নতুন শিৱসেনা বিভাজিক দলটোৱে তেওঁলোকৰ নামাকৰণ কৰাত কিছু বাধা থকাৰ বাবে শিৱসেনা বিভাজিত নহৈ তেওঁলোকৰ চৰকাৰৰ সংগীহে পৰিৱৰ্তন হোৱাৰ ইংগিত প্ৰদান কৰা হৈছে।
অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীত সাক্ষাৎ এতিয়ালৈকে একনাথ সিন্ধে লাভ কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছিল যদিও এই পৰ্যন্তলৈকে তেওঁ সাক্ষাৎ লাভ নকৰাত তেওঁ দিল্লী যাত্ৰা অনিশ্চিত হৈ ৰৈছে।
ইফালে সমগ্ৰ বিষয়টো আইনী আওতাত সোমাই পৰাৰ বাবেও মহাৰাষ্ট্ৰ চৰকাৰ গঠনৰ এই প্ৰক্ৰিয়াটো কাৰো বাবে সহজ হৈ পৰা নাই।