ডিজিটেল সংবাদ, ঢকুৱাখনা: এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ।ঢকুৱাখনাৰ শৈক্ষিক জগতৰ সমুজ্জল নক্ষত্ৰ হিচাবে যাৰ নাম খোদিত হৈ আছে ইতিহাসৰ পাতত । প্ৰয়াত প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ দৰে অজস্ৰ জ্ঞানৰ সাধকে আনুষ্ঠানিক শিক্ষা এইখন বিদ্যালয়তে পাতনি মেলিছিল । বিদ্যালয়খন হৈছে ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় ।
১৮৭২ চনতে ব্ৰিটিছৰ আমোলত প্ৰতিষ্ঠা হোৱা এইখন চৰকাৰী বিদ্যালয়ত শিক্ষক দিৱসতো ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয়। শিক্ষক শিক্ষাৰ্থী সকলো মিলিত হৈ শিক্ষক দিৱস উদযাপন কৰাৰ সমান্তৰাল ভাৱে শিক্ষাৰ্থী সকলে শিক্ষাগুৰু সকলক প্ৰণাম জনাই ।
বৃহস্পতি বাৰে শিক্ষক দিৱসৰ দিনাই বিদ্যালয়খনক উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ পাছত পূৰ্ণ পদমৰ্য্যদাৰ এগৰাকী প্ৰধান শিক্ষকে কাৰ্যভাৰ গ্ৰহণ কৰে। লখিমপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালযে জ্যেষ্ঠ সহকাৰী শিক্ষক নৰেন শইকীয়াক নিযুক্তি দিয়াত অন্য এক আনন্দমুখৰ পৰিস্থিতিৰ উদ্ভৱ হয় ।
উচ্চ মাধ্যমিক বিদ্যালয়খনৰ প্ৰথমগৰাকী প্ৰধান শিক্ষক নৰেন শইকীয়াই আজি আনুষ্ঠানিক ভাবে কাৰ্যভাৰ গ্ৰহণ কৰে । নৱনিযুক্ত প্ৰধান শিক্ষক শইকীয়াক বিদ্যালয় পৰিয়ালে উষ্ণ আদৰণি জনায় ।