জাহাংগীৰৰ ছিন্ন মুণ্ড বিচাৰি আৰক্ষীৰ অভিযান...

জাহাংগীৰৰ ছিন্ন মুণ্ড বিচাৰি আৰক্ষীৰ অভিযান...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম আৰক্ষীক নাকত ধৰি চাকত ঘুৰুৱা ঢকুৱাখনা মহকুমাৰ সাপতিয়া চেতিয়া গাঁওৰ নিৰ্মম হত্যাকাণ্ডই আজি ২০ টা দিনত ভৰি দিলে । নাহৰণী পথাৰৰ এই বৰ্বৰ হত্যাকাণ্ডৰ মৃতকৰ পৰিচয় ৰহস্যজনকভাৱে সলনি হল যদিও মৃতকৰ ছিন্ন মুণ্ড উদ্ধাৰত অদ্যপি অসম আৰক্ষী ব্যৰ্থ।

ছিন্ন মুণ্ডৰ সন্ধানত প্ৰধানতঃ ঘটনাস্থলীৰ সমীপতে অৱস্থিত চাৰিটাকৈ পুখুৰী জলাশয়ৰ পানী সিঁচি অসম আৰক্ষী আৰু অগ্নি আৰু আপদকালীন সেৱা বিভাগে ব্যাপক সন্ধান চলায়ো মুখ ঠেকেছা খোৱাৰ পাছত বৃহস্পতিবাৰে পুনৰ সুনীল গগৈৰ চৌহদত অৱস্থিত এটা পুখুৰীৰ পানী সিঁচা পৰিলক্ষিত হয়। এছ ডি আৰ এফ আৰু অসম আৰক্ষীৰ যৌথ সহযোগিতাত বৃহস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে এই ছিন্ন মুণ্ড সন্ধান অভিযান ।

এটা মাত্ৰ পানী সিঁচা পাম্প ব্যৱহাৰ কৰি আৰক্ষী বিভাগে অব্যাহত ৰখা এই বেপৰোৱা পদক্ষেপৰ বিপৰীতে ঢকুৱাখনা সদৰ থানাত নতুনকৈ পঞ্জীভূত গোচৰৰ সাক্ষ্য গ্ৰহণ অব্যাহত ৰাখিছে ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈয়ে। বুধবাৰে অসম আৰক্ষীয়ে পলাতক ঘোষণা সুনীল গগৈৰ পত্নী ,পুত্ৰ ,ভতিজাকক সাক্ষ্য গ্ৰহণ কৰাৰ পাছত সুনীলৰ বাসভৱনটো তালাচী চলাই কোনো আপত্তিজনক তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম নহল।

পূৰ্বৰ স্থিতিত অটল সুনীলৰ পত্নী পুত্ৰই অসম আৰক্ষীক যদি এইটো মৃতদেহ জাহাঙ্গীৰৰ হয় তেন্তে নিৰুদ্দিষ্ট স্বামী কত আৰু কিয় উলিয়াব পৰা নাই বুলি প্ৰশ্ন কৰে আৰক্ষীক। অসম আৰক্ষীয়ে পলাতক ঘোষণা কৰা সুনীলৰ আত্মীয়ই অভিযোগ কৰা মতে যত জলজীৱন মিছনৰ কাম আবন্টন আৰু কমিচনৰ অংশীদাৰী হোৱা এটা প্ৰভাৱশালী ৰাজনৈতিক শক্তিৰ নাম তালিকা উদ্ধাৰ হৈছিল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভ্যন্তৰত প্ৰবল ভূমিকম্পৰ সৃষ্টি কৰা এই ভয়াৱহ দুৰ্নীতি কেলেংকাৰীক ধূলিস্যাত কৰি এই কলা পৃষ্ঠা চিৰকাললৈ নিশ্চিহ্ন কৰিবলৈকে এনে এক পৰিকল্পিত চক্ৰান্ত ৰচনা কৰাৰো আশঙ্কা কৰা হৈছে ।

শেহতীয়াভাৱে "এন্টিকৰাপচন" বিভাগত কৰা গোচৰৰ ঘাই গোচৰীয়া সুনীল গগৈ এপষেক জোৰা অনুপস্থিতিৰ পৰিপ্ৰেক্ষিতত হাজোতী আচামী জয়ন্ত গোস্বামীযে আদালতৰ জামিন লাভ কৰিবলৈ সক্ষম হল। এফালে গোচৰীয়াৰ সন্ধানহীনতা অন্যহাতে অভিযুক্ত কাৰ্যবাহী অভিযন্তা গোস্বামীৰ জামিন লাভ আৰু এন্টিকৰাপচনৰ গোচৰৰ চিৰ কাললৈ বন্ধ হোৱা ঘটনাক্ৰমে ঢকুৱাখনাবাসীৰ মাজত বিশেষ চর্চা লাভ কৰিছে । এই সকলো স্পৰ্শকাতৰ বিষয় ধোঁৱা চাঙত তুলি এতিয়া জাহাঙ্গীৰ হুছেইনৰ হত্যাকাণ্ডৰ হত্যাকাৰী বিচাৰত ব্ৰতী হোৱা অসম আৰক্ষীৰ নিৰাশজনক অগ্ৰগতিকলৈ ন্যায়কামী ৰাইজ বিতুষ্ট । আশাহত নিৰুদ্দিষ্ট সুনীলৰ আত্মীয় স্বজন।

জাহাংগীৰৰ ছিন্ন মুণ্ড বিচাৰি আৰক্ষীৰ অভিযান...
ভয়ংকৰঃ বিষাক্ত সুৰাই প্ৰাণ ল’লে ৩৪গৰাকী লোকৰ, মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in