ডিজিটেল সংবাদ , ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত উভতা চামপৰামুখৰ এগৰাকী আত্মোৎস্বৰ্গী শিক্ষকৰ অকাল বিয়োগৰ খবৰে শোকৰ বন্যা বোৱাইছে ঢকুৱাখনাত। বৃহত্তৰ মৰনৈ অঞ্চলৰ মেধাবী শিক্ষক হিচাবে পৰিচিত খগেন য়েইনৰ তিনিচুকীয়া জিলাৰ মাকুমত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
জানিব পৰা মতে যোৱা ৪ অক্টোবৰত তিনিচুকীয়া জিলাৰ মাকুমৰ জ্যোতি নগৰৰ অস্থায়ী বাসিন্দা খগেন য়েইনে আবেলি প্ৰায় ৫ বজাত ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কন্যাক বৰষুণৰ বাবে ছাতি দিবলৈ অগ্ৰসৰ হওঁতেই ৰাজপথত এখন তীব্ৰবেগী তমতমে প্ৰচণ্ড জোৰত খুন্দিয়াই। মূৰ আৰু দেহত গুৰুতৰ ভাবে আহত য়েইনক তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । পৰৱৰ্তী সময়ত য়েইনৰ আত্মীয়ই খবৰ পাই অসম চিকিৎসা মহাবিদ্যালয়লৈ জৰুৰী চিকিৎসাৰ বাবে নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
অতি বিনয়ী আৰু সহজ সৰল সৎ স্বভাৱৰ অমায়িক ব্যক্তি খগেন য়েইনে জনমভূমি ঢকুৱাখনাৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল। ২০১২ চনত য়েইনে টেট উত্তীৰ্ণ শিক্ষক হিচাপে নিযুক্তি লাভ কৰি ২০১৭ চনত ধুবুৰী জিলাত নিয়মীয়া শিক্ষক হৈ সেৱা আগবঢ়াইছিল । ২০২৩ বৰ্ষৰ ২৫ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ মাকুমৰ পাভজান গাঁও প্ৰাথমিক বিদ্যালয়লৈ বদলি সূত্ৰে আহি সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰি শিক্ষকতাৰ অমূল্য সেৱা আগবঢ়াই গৈছিল । এগৰাকী সৎ শিক্ষাব্ৰতীৰ আকৎস্মিক বিয়োগৰ খবৰে অঞ্চলবাসীৰ লগতে মাকুমতো শোকাচন্ন পৰিবেশৰ সৃষ্টি কৰে ।
মৃত্যু সময়ত য়েইনে পিতৃ মাতৃ, ভাতৃ, পত্নী আৰু দুগৰাকী কন্যা সন্তানসহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ গৈছে। অন্যহাতে দুর্ঘটনা সংঘটিত কৰি পলায়ন কৰা কাণ্ডজ্ঞানহীন তমতম চালকজনৰ বিৰুদ্ধে মৃত য়েইনৰ পৰিয়ালে এক গোচৰ ৰুজু কৰিছে মাকুম আৰক্ষী থানাত । ইপিনে পৰিয়ালটোৰ উপাৰ্জনকাৰী ব্যক্তি গৰাকীৰ আকস্মিক বিয়োগত সৰ্বশ্ৰান্ত হোৱা দুৰ্ভগীয়া পৰিয়ালটোৰ ভৱিষ্যত জীৱন অন্ধকাৰ হৈ পৰাৰ দিশে গতি কৰিছে ।
মঙলবাৰে মৃতকৰ ঘৰত অনুষ্ঠিত আনুষ্ঠানিক পৰ্বত শোকসন্তপ্ত পৰিয়ালটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ জৰুৰী হস্তক্ষেপ দাবী কৰি বিধিগত প্ৰক্ৰিয়া সমূহ তৰান্বিত কৰাৰ আহ্বান জনাইছে। তাৰোপৰি শিক্ষা বিভাগৰ কৰ্তৃপক্ষয়ো উপযুক্ত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি নিঃস্ব আৰু মৰ্মাহত পৰিয়ালটোক আৰ্থিক নিৰাপত্তা প্ৰদানৰ পথ প্ৰশস্ত কৰাৰ বাবে অনুৰোধ জনাইছে