পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে ঢকুৱাখনাৰ আৰক্ষী জোৱানে

পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে ঢকুৱাখনাৰ আৰক্ষী জোৱানে
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: কালিকা লাগিছে ঢকুৱাখনা মহকুমাত। ইটোৰ পাছত সিটো দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে বহু সম্ভাৱনাপূৰ্ণ প্ৰজন্মই। শেহতীয়া ভাবে শুকুৰবাৰে দুপৰীয়া ঘিলামৰাৰ মেলেকী গাঁৱৰ এজন যুৱক চামপৰা নদীৰ বুকুত নিখোঁজ হোৱাৰ পাছত বৃহস্পতিবাৰে নিশা ঢকুৱাখনাৰ এজন অতি সৰবৰাহী যুৱক, অসম আৰক্ষীৰ জোৱান কাকূল কোঁৱৰ(৩২)ৰ অকাল বিয়োগ ঘটে।

জানিব পৰা মতে ঘিলামৰা-ঢকুৱাখনা ৰাজ্যিক পথেৰে যোৱা নিশা প্ৰায় ১০.৩২ বজাত ঘৰলৈ স্কুতিৰে আহি থকা অৱস্থাত কোঁৱৰ গাঁৱৰ অংশত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা এখন এ এছ ০২/  এ এম/১৪৬৬ নম্বৰৰ বাইকে প্ৰচণ্ড খুন্দা মাৰে।

দুজন বাইক আৰোহীয়ে তীব্ৰ বেগত মৰা খুন্দাত বহু দূৰলৈ চিটিকি পৰি গুৰুতৰ ভাবে আহত হয় কোঁৱৰ। কোঁৱৰ গাঁও তিনিআলিৰ সমীপতে সংঘটিত এই দুৰ্ঘটনাৰ খবৰ পাই সমীপৰ ৰাইজ ওলাই আহি ক্ষীপ্ৰতাৰে জটিল ভাবে আহত কাকূল কোঁৱৰক চিকিৎসালয়লৈ নিয়ে যদিও কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয়।

ঢকুৱাখনা নগৰৰ কোঁৱৰ গাঁও নিবাসী প্ৰয়াত কুশল কোঁৱৰৰ পুত্ৰ, অতি সৰল মনা যুৱকজনৰ আকস্মিক বিয়োগত সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে। ইপিনে অন্য দুজন আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও বিপদমুক্ত বুলি জনা গৈছে।

ঢকুৱাখনা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এগৰাকী সক্ৰিয় কৰ্মী। কামৰূপ মহানগৰ জিলাত কৰ্মৰত অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ জোৱান কাকূল কোঁৱৰে মৃত্যুৰ সময়ত পত্নী,এটি পুত্ৰ সন্তান আৰু অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি গৈছে। কোঁৱৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কুৱাখনা আৰক্ষীয়ে লখিমপুৰলৈ প্ৰেৰণ কৰিছে।

পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে ঢকুৱাখনাৰ আৰক্ষী জোৱানে
গহপুৰ আৰক্ষীৰ গৰু চোৰৰ বিৰুদ্ধে অভিযান, ৩ টা চুৰি গৰুসহ দুজনক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in