ঢকুৱাখনা আৰক্ষীৰ নৱপ্ৰৱৰ্তিত আইন সন্দৰ্ভত সজাগতা সভা

ঢকুৱাখনা আৰক্ষীৰ নৱপ্ৰৱৰ্তিত আইন সন্দৰ্ভত সজাগতা সভা
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাষ্ট্ৰজুৰি নৱ প্ৰৱৰ্তিত ৩খন নতুন আইনৰ সাৰ্বজনীনকৰণ আৰু জনমুখীকৰণ সন্দৰ্ভত সোমবাৰে ঢকুৱাখনাত এক মনোজ্ঞ সজাগতা সভা অনুষ্ঠিত হয়। সোমবাৰৰ পৰা ৰাষ্ট্ৰজুৰি প্ৰবৰ্তন হ'ব লগা এই ৩খন নতুন আইনৰ সৈতে সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰি প্ৰাৰম্ভিক জ্ঞান প্ৰদান কৰিবলৈ ঢকুৱাখনা সদৰ থানা কৰ্তৃপক্ষই এই সভাখন আহ্বান কৰে।

লখিমপুৰ জিলা আৰক্ষী আৰু ঢকুৱাখনা সদৰ থানাৰ যৌথ উদ্যোগত ঢকুৱাখনা নৰ্মাল  স্কুল প্ৰাঙ্গনত এই সজাগতা সভাখন অনুষ্ঠিত হয়।ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া শোধন্য শুক্লবৈদ্য, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলদ্বীপ গগৈ,ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত হিলৈদাৰীয়ে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি নতুন আইন কেইখনৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়।

ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩,ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ নামৰ নতুনকৈ প্ৰৱৰ্তন কৰা ৩খন আইনৰ বিধি নিয়ম,ধাৰা আৰু নিয়মাৱলী আৰু পদ্ধতিগত দিশ সমূহ উনুকীয়াই সমলব্যক্তি সকলে উপস্থিত ৰাইজক সাৱলীলভাবে অৱগত কৰে।

নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত  ঢকুৱাখনা থানা সমিতি ,গাঁওৰক্ষী বাহিনীৰ সম্পাদক গুণ দাস প্ৰমুখ্যে গৰিষ্ঠ সংখ্যক বাহিনীৰ নেতৃবৰ্গৰ লগতে  সচেতন নাগৰিক  সকল উপস্থিত থাকি নতুনকৈ প্ৰৱৰ্তিত আইন তিনিখনৰ সন্দৰ্ভত সম্যক জ্ঞান লাভ কৰে ।

ঢকুৱাখনা আৰক্ষীৰ নৱপ্ৰৱৰ্তিত আইন সন্দৰ্ভত সজাগতা সভা
সোঁৱৰণী কুঁৱলীৰ মাজত আকাশবাণী গুৱাহাটী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in