কোন ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিছিল সুনীলক ?

কোন ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিছিল সুনীলক ?
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম আৰক্ষীয়ে নোৱাৰিলেও ক্ৰমাৎ স্পষ্ট হৈ পৰিছে ঢকুৱাখনাৰ সাপতিয়া চেতিয়া গাঁৱৰ জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ সন্ধানহীনতা আৰু ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনৰ হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য। অসম আৰক্ষীয়ে জাহাঙ্গীৰৰ ছিন্ন মুণ্ডৰ সন্ধানত যিমানেই খাল পুখুৰী সিঁচি ভেকোভাওনা নকৰক, সন্ধানহীন সুনীলক হত্যাকাৰী সজাই জামিনবিহীন ধাৰাত গোচৰ ৰুজু নকৰক কিয় এই বৰ্বৰ কাণ্ডৰ "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ হাতত পৰা এক প্ৰামাণিক তথ্যই বাস্তৱ দিশ স্পষ্ট কৰি দিছে ।

ঘিলামৰা জলজীৱন মিছনৰ ঠিকাদাৰ,ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সাধাৰণ সম্পাদক সুনীল গগৈয়ে ঘটনাৰ পূৰ্বে এগৰাকী ঘনিষ্ঠ ব্যক্তিৰ সৈতে কৰা টেলিফোনিক বাৰ্তালাপৰ এক অডিঅ' ৰেকৰ্ডিঙত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্ত লুণ্ঠনকাৰী কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ অৰ্থলোভী চৰিত্ৰ উদঙাই দিয়া এই কল ৰেকৰ্ডিংত সুনীল গগৈয়ে ব্যক্ত কৰা মতে তেওঁৰ কামৰ বিনিময়ত প্ৰাপ্য পুঁজি প্ৰায় ৩১লাখ টকা আদায় দিয়াৰ বাবদ গোস্বামীয়ে দাবী কৰিছিল বৃহৎ পৰিমাণৰ টকা।

নিজ চৰকাৰী কাৰ্য্যালয়ত কমিচন সংগ্ৰহৰ মুকলি বেহা পতা অৰ্থলোভী তদানীন্তন অভিযন্তা গোস্বামীয়ে গগৈয়ে দিয়া ২০ হাজাৰ টকা প্ৰত্যাখ্যান কৰি গগৈৰ মুখলৈ উক্ত টকা দলিয়াই দি "মাছৰ বজাৰ বুলি ভাবিছ নেকি দৰ দাম কৰিবলৈ আহিছ "বুলি তাচ্ছিল্য কৰিছিল।লগতে সকলোৰে সন্মুখত গগৈক অপমানিত কৰিছিল। তেতিয়াই দুৰ্নীতি ভ্ৰূষ্টাচাৰৰ বিৰোধী হৈ পৰিছিল গগৈ। এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত দলীয় উৰ্ধতম মহলৰ দৃষ্টিগোচৰ কৰি এই গৰাকী ঘোচখোৰ অভিযন্তাৰ অতপালি ৰোধৰ আহ্বান জনাইছিল গগৈয়ে। পৰৱৰ্তী সময়ত সুনীল গগৈ অতিষ্ঠ হৈ আশ্ৰয় লৈছিল দুৰ্নীতি নিবাৰক শাখাৰ।

অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ নির্দেশ মৰ্মে আৰু পৰিকল্পনা অনুসৰি কমিচন লৈ থকা অৱস্থাতে হাতে লোতে ধৰা পৰিছিল অভিযন্তা গোস্বামী। সম্প্ৰতি অসম আৰক্ষীয়ে সন্ধানহীন বুলি দাবী কৰা সুনীল গগৈয়ে নিজ মুখে ব্যক্ত কৰি যোৱা এই কথাৰ লগতে আৰু ব্যক্ত কৰিছিল "কেঁচু খান্দোতে সাপ ওলালে" বুলি। গোস্বামীৰ ঘৰত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই নগদ ৮০লাখ টকা উদ্ধাৰ কৰিছিল। কেৱল সেয়াই নহয় গুৱাহাটীৰ ৫ টা স্থানত থকা গোস্বামীৰ ঘৰত অভিযান চলাই বহু পৰিমাণৰ ধন আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰিছিল।

যিবোৰ এক ৰহস্যজনক কাৰণত সংবাদ মাধ্যমত প্ৰকাশ হোৱা নাছিল। তাৰোপৰি গগৈয়ে প্ৰকাশ কৰি যোৱা মতে ঘিলামৰা সংমণ্ডলত বহু অপ্ৰয়োজনীয় স্থানত জলজীৱন মিছনৰ আঁচনি আবন্টন কৰি এনেবোৰ আঁচনি সম্পূৰ্ণ নকৰাকৈ ইতিমধ্যে সম্পূৰ্ণ পুঁজি বিভাগৰ পৰা সৰকাই নিয়াত মুখ্য ভূমিকা পালিছিল এইজন দুৰ্নীতি পৰায়ণ অভিযন্তাই।কেৱল মোটা অংকৰ বিনিময়ত এনে মুকলি লুটপাত চলাই যোৱা গোস্বামীৰ সংগী আছিল "জলজীৱন মিছনৰ পেকেজ"ৰ শিতানত কামৰ ঠিকা লোৱা প্ৰতিষ্ঠিত ঠিকাদাৰ সকল।

গগৈয়ে প্ৰকাশ কৰি যোৱা মতে কমিচনভোগী বিষয়াৰ বিৰুদ্ধে সবল স্থিতি লোৱাৰ পাছত এতিয়া বিষয়টো ইমান গধুৰ হব বুলি ভবা নাছিল। ঘিলামৰা সংমণ্ডলৰ বহু বৃহৎ বৃহৎ আঁচনিৰ কাম আধৰুৱা কৰি কাম নকৰি বহু পুঁজি উদৰস্থ কৰি অহা এই চক্ৰটোৰ সান্দহ খোৱা বালি তল পৰাত এতিয়া সুনীলক প্ৰাণে মৰাৰ ভাবুকি দিয়াই নহয় তেওঁৰ ওপৰত ফায়াৰ হৈ থকা বুলিও ব্যক্ত কৰি গৈছে সুনীলে।

জলজীৱন আঁচনিৰ ৮০% কাম কৰি ১০০% ধন লোৱা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলটোৰ একাংশ ধনৱন্ত ঠিকাদাৰে সুনীলক মৃত্যুৰ ভাবুকি দি যোৱা বুলি স্পষ্টভাৱে ফোনত সতীৰ্থক জনাই এই বিষয়ত প্ৰশাসনক জনোৱা বুলিও কৈছিল। সুনীলৰ জীৱনলৈ নামি অহা মৃত্যুৰ ভাবুকি সন্দৰ্ভত আৰক্ষী অৱগত হৈ গৰমে গৰমে ঘৰলৈ নাযাবলৈ কোৱাৰ বাবেই ১৮ টা দিন গুৱাহাটীত থাকিব লগীয়া হোৱা বুলি ফোনত সতীৰ্থক জনাইছিল সুনীলে। "ফোন কল ৰেকৰ্ডিং"ত উদ্ধাৰ হোৱা তথ্য মতে শুনিলে কৈছিল "মোৰ পাছত এতিয়া এইবোৰ ঘূৰিছে বিচাৰি। মোৰ এতিয়া ভয় হৈছে। সেয়ে ভাল লগা নাই। মোক একাংশই কৈছে। হ'লেও ঘপকে একো কৰিব নোৱাৰে।" বুলি নিৰ্ভয়ে কৈছিল সুনীলে ।

"দৰিকণা মাছ ধৰিবলৈ আহিছিলোঁ ৰাঘ বৰালি ওলালে" বুলি তদন্তকাৰী বিষয়াই কৈ যোৱা সাহসী সুনীলে আৰক্ষীৰ কথা মতেই ১৮ দিন গুৱাহাটীত থাকি ঘৰলৈ আহিছিল। কিন্তু ঘৰলৈ অহাৰ ৩ দিনৰ পাছতে নিখোজ হৈছিল সুনীল গগৈ। এটা কল ৰেকৰ্ডিংত পোহৰলৈ অহা এই গুৰুত্বপূৰ্ণ তথ্য নিজ মুখে ব্যক্ত কৰি যোৱা সুনীল গগৈৰ ১ জুনৰ নিশা বাস্তৱিকতে কি হ'ল সেয়া সহজেই অনুমেয়।

কোন ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিছিল সুনীলক ?
'NAAC'ক আদৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in