ঢালিগাঁৱত যুৱতীৰ চৰম সিদ্ধান্ত...

 ঢালিগাঁৱত যুৱতীৰ চৰম সিদ্ধান্ত...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: ঢালিগাঁৱত সংঘটিত হৈছে এক শোকাবহ ঘটনা। কাজলগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুজিয়া নৈৰ দলঙৰ পৰা কুজিয়া নৈত জপিয়াই দিয়ে এগৰাকী যুৱতীয়ে। দিনৰ পোহৰত লোক চক্ষুৰ সন্মুখতে যুৱতী গৰাকীক দলঙৰ পৰা নৈত জপিয়াই দিয়া দেখি ৰাইজৰ মাজত হুৱাদুৱা লাগে।

চকুৰ পচাৰতে যুৱতী গৰাকীক পানীত ডুব যোৱা দেখি একাংশ স্থানীয় যুৱক সাঁতুৰি গৈ মূমূৰ্ষ অৱস্থাত যুৱতী গৰাকীক উদ্ধাৰ কৰি পাৰলৈ আনে। পৰিস্থিতি সংকটজনক দেখি তাৎক্ষণিকভাবে যুৱতী গৰাকীক অট'ৰিক্সা দি কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও কৰ্তব্যৰত চিকিৎসকে যুৱতী গৰাকীক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে, মৃত যুৱতী গৰাকী কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱৰ বাবৰ আলী আনছাৰীৰ কন্যা ছোনিয়াৰা আনছাৰী (১৮)। ঘটনাৰ কাৰণ এই পৰ্যন্ত জানিব পৰা নাই যদিও প্ৰেমজনিত কাৰণত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে।

 ঢালিগাঁৱত যুৱতীৰ চৰম সিদ্ধান্ত...
ঢকুৱাখনাত অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ সঞ্চিত পুঁজি সমূলঞ্চে সৰকালে দুৰ্বৃত্তইঃ গোচৰ ৰুজু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in