শুভ ধনতেৰাছ...

পোহৰৰ উৎসৱ দিপাৱলীৰ দুদিন পূৰ্বে অনুষ্ঠিত হয় ধনতেৰাছ পূজা

author-image
Asomiya Pratidin
New Update
শুভ ধনতেৰাছ...

dhanteras

ডিজিটেল ডেস্ক : পোহৰৰ উৎসৱ দিপাৱলীৰ দুদিন পূৰ্বে অনুষ্ঠিত হয় ধনতেৰাছ পূজা। এই দিনটোত সোণ আৰু পিতলৰ দৰে হালধীয়া ধাতু ক্ৰয় কৰাতো শুভ বুলি গণ্য কৰা হয়। ধনতেৰাছ প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবে অতি বিশেষ এটা দিন।

মা লক্ষ্মীক পূজা অৰ্চনা কৰাৰ লগতে ঘৰলৈ লক্ষ্মী আগমনৰ বাবে বিভিন্ন বস্ত ক্ৰয় কৰা হয়। পিতালৰ বাচন বৰ্তন, সোণ, ৰূপ আদি বস্তু ক্ৰয় কৰা হয়। দিপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী। ২০২২ বৰ্ষৰ ধনতেৰাছৰ শুভ লগ্ন আৰম্ভ হৈছে ২২ অক্টোবৰৰ সন্ধিয়া ৬.০২ বজাৰ পৰা আৰু এই পূজাৰ লগ্ন শেষ হ'ব ২৩ অক্টোবৰৰ সন্ধিয়া ৬,০৩ বজাত।

উল্লেখ্য যে লগ্ন হিচাপে ধনতেৰাছৰ পূজা ২২ অক্টোবৰৰ সন্ধিয়া ৬ বজাৰ পৰা ২৩ অক্টোবৰৰ সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত কৰিব পাৰিব। এই ধনতেৰাছ উৎসৱ ভাৰতৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবে বিশেষ।

হিন্দু মান্যতা অনুসৰি, ধনতেৰাছত সোণ বা পিতল কিনিলে ঘৰলৈ লক্ষ্মীৰ আগমন ঘটে। ধনতেৰাছ উৎসৱ উদযাপন কৰাৰ আন এক কাৰণ হ’ল সাগৰমন্থনৰ সময়ত ধনতেৰাছৰ দিনাই আয়ুৰ্বেদৰ দেৱতা ভগৱান ধনৱন্তৰীৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়।

এই দিনটোত মা লক্ষ্মী, ভগৱান কুবেৰ আৰু ভগৱান ধনৱন্তৰীক উপাসনা কৰাৰ বাবে বিধান আছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই দিনটোত বাচন-বৰ্তনৰ উপৰিও আন বহুতো বস্তু ক্ৰয় কৰিব পাৰি, যাক দীপৱালীৰ বাবে শুভ বুলি গণ্য কৰা হয়।

india dhanteras diwali festival