দিচাংনদীত গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ আধাৰশিলা স্থাপন ধৰ্মেশ্বৰ কোঁৱৰৰ

পইতাখাটৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে ১.৯৩ কোটি টকা ব্যয় সাপেক্ষে আধাৰশিলা স্থাপন কৰে ধৰ্মেশ্বৰ কোঁৱৰে। এই আঁচনিৰ জড়িয়তে এটা জ্বলন্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাব বৰহাট চাংমাই গাঁৱৰ ৰাইজে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বৰহাটঃ  আজি চৰাইদেউত উপস্থিত হৈ দুটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। চৰাইদেউ জলসম্পদ সংমণ্ডলৰ অধীনত SOPD(G) পুঁজিৰ প্ৰায় ২.৬০ কোটি টকা ব্যয় সাপেক্ষে বৰহাট চাংমাই অঞ্চলৰ দিচাং নদীৰ বাঁও পাৰৰ গৰা খহনীয়া প্ৰতিৰোধ আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে।

লগতে পইতাখাটৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে ১.৯৩ কোটি টকা ব্যয় সাপেক্ষে আধাৰশিলা স্থাপন কৰে ধৰ্মেশ্বৰ কোঁৱৰে। এই আঁচনিৰ জড়িয়তে এটা জ্বলন্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাব বৰহাট চাংমাই গাঁৱৰ ৰাইজে। সেয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা তথা জলসম্পদৰ সকলো বিষয়ালৈ ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ অনুষ্ঠানত বিধায়কগৰাকীক সংগ দিয়ে অতিৰিক্ত মুখ্য অভিযন্তা সমীৰণ ডেকা, ডিব্ৰুগড় জল সম্পদ চক্ৰৰ অধীক্ষক অভিযন্তা দিগন্ত শৰ্মা, মুখ্য অভিযন্তা প্ৰাঞ্জল ভাগৱতী, সহকাৰী কাৰ্যবাহী অভিযন্তা চামিম আখটাৰ লস্কৰ, সহকাৰী অভিযন্তা উজ্জ্বল মহন্ত, বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰবী দুৱৰা গগৈৰ লগতে কেবাগৰাকীও গণ্যমান্য ব্যক্তি।

ধৰ্মেশ্বৰ কোঁৱৰ