'ধেমাজি গ্ৰন্থ উৎসৱ'ক ধেমাজি জিলা ছাত্ৰ সন্থাৰ সংবাদ মেল...

'ধেমাজি গ্ৰন্থ উৎসৱ'ক ধেমাজি জিলা ছাত্ৰ সন্থাৰ সংবাদ মেল...
Published on
Updated on

ডিজিটেল সংবাদ , ধেমাজিঃ ধেমাজি জিলা ছাত্ৰ সন্হা উদ্যোগত ধেমাজি আঞ্চলিক ছাত্ৰ সন্হা,সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহযোগত অহা ২৬ অক্টোবৰ পৰা ৩ নৱেম্বৰ লৈকে  ৯ দিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত আয়োজন কৰা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ প্ৰস্তুতিক লৈ শুকুৰ বাৰে শ্বহীদ উদ্যানৰ প্ৰাংগনৰ আঞ্চলিক ছাত্ৰ সন্হাৰ কাৰ্য্যালয়ত জিলা ছাত্ৰ সন্থাই এখনি সংবাদমেল সম্বোধন কৰে ৷

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক  সঞ্জীৱ দাস আৰু জয়ন্ত বৰগোহাঁই ,সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা ,কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বিকাশ মিছং, প্ৰাক্তন কেন্দ্ৰীয়  কাৰ্য্যনিবাহক  ৰবি কছাৰী প্ৰমুখ্যে বহুকেইগৰাকী বিষয়ববীয়াই উপস্থিত থাকে ৷

প্ৰত্যেকেই বক্তব্যত  আটাইকেইটা দিনতে গ্ৰন্থ উৎসৱৰ কাৰ্য্যসূচীত উপস্থিত থাকিব লগীয়া কবি , সাহিত্যক , সমল ব্যক্তি তথা অতিথি সকলক আপ্যায়ন কৰা লগতে গ্ৰন্থ উৎসৱৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী মাজত অনুষ্ঠিত কৰিবলগীয়া চিত্ৰাংকন ,প্ৰাচিৰ প্ৰত্ৰিকা , ৰচনা ,আন্তঃ শিক্ষানুষ্ঠানৰ কুইজ ,আন্তঃ শিক্ষানুষ্ঠানৰ তৰ্ক প্ৰতিযোগিতাৰ উপৰিও বিজ্ঞান সমাৰোহ , সাংস্কৃতিক অনুষ্ঠান ,কবি সন্মিলন  ,কেৰিয়াৰ গাইডেন্স ,বিভিন্ন আলোচনা চক্ৰ ,ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশ কৰ্মশালা , ভাওনা প্ৰদৰ্শন আৰু গল্প কথাকে ধৰি বিভিন্ন কাৰ্য্যসূচী সমূহৰ সম্পৰ্কে উদ্যোগতা সকলে অৱগত কৰে ৷

এইবাৰ গ্ৰন্থ উৎসৱত অসমৰ আগশাৰী ২৫ খনত কৈ অধিক প্ৰকাশক গোষ্ঠীৰ বহুকেইটা ষ্টলৰ উপৰিও কলকাতাৰ ডলফিন আৰু ৱুড পিকাৰ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব ৷ জ্যেষ্ঠ সাংবাদিক তথা সাংহিত্যিক পেঞ্চনা উমেশ চেতিয়াই  গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰিব লগীয়া উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷

শেষৰদিনা মুকলি সভা , গ্ৰন্থ উন্মোচনী আৰু বটাঁ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ স্মৃতি গ্ৰন্থ উন্মোচন কৰিব ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে৷ গ্ৰন্থ উৎসৱত অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি নলিনীবালা দেৱীৰ জীৱন আৰু কৃতিত্ব ওপৰত আধাৰিত প্ৰস্তাবিত এখনি গ্ৰন্থও প্ৰকাশৰ দিহা কৰিছে ৷

ইফালে প্ৰতিমা পাণ্ডে বটাঁ প্ৰাপক একলব্য গামে উদ্ধোধন কৰিব লগীয়া জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্হাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেৰ লগতে টি এম পি কে , সোনোৱাল কছাৰী ছাত্ৰ সন্থা ,টাই আহোম ছাত্ৰ সন্থা ,দেউৰী ছাত্ৰ সন্থা ,গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই উপস্থিত থাকিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in