ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা প্ৰশাসনৰ তথ্য ও জন সংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত শনিবাৰে ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত ৰাষ্ৰীলায় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰে বন্তি প্ৰজ্বলেনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে।
ইয়াৰ পিছতেই জাতীয় সংগীতেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচী আৰম্ভণি হয়৷ জিলা আয়ুক্তগৰাকীয়ে বক্তব্যত কয়- সমাজ গঠনত বিশেষভাৱে অংশগ্ৰহন কৰা ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তথা সাংবাদিকসকলে ৰাইজৰ চিন্তা, চেতনা, আশা- আকাংক্ষাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সাংবাদিক বন্ধুসকলে কাম কৰি আহিছে ৷ আজি দিনটো এই ক্ষেত্ৰত কাম কৰা সংবাদ মাধ্যমৰ বন্ধুসকলৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিন ৷
মই এই মূহূৰ্ততে সকলোকে লগ পাই আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ বুলি উল্লেখ কৰে ৷ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্যও জন সংযোগ বিষয়া জিষ্ণু শইকীয়াই উপস্থিত সাংবাদিকসকলক উদ্দেশ্যি আদৰণি ভাষণ দিয়ে ৷
এইবাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ “ সংবাদ মাধ্যমত পৰিবৰ্তীত ৰূপ ” শীৰ্ষক বিষয়বস্তু ওপৰত বিশেষভাৱে বক্তব্য ৰাখে মৰিধল মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা জ্যেষ্ঠ সাংবাদিক ভূপেন গগৈয়ে৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত জিলা অতিৰিক্ত আয়ুক্ত ঋতুপল্লৱ বৰুৱাই উপস্থিত থাকি সাংবাদিকসকলক ৰাষ্ট্ৰীয় দিৱসৰ শুভেচ্ছা জনাই বক্তব্য প্ৰদান কৰে ৷
উক্ত অনুষ্ঠানত ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি নয়নমনি মহন্ত, জ্যেষ্ঠ সাংবাদিক মৃদুপৱন চুতীয়া আদি সাংবাদিকসকলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। লগতে সংবাদ মাধ্যমে কৰি অহা গুৰুত্বপূৰ্ণ বিষয়সমূহ ৰোমন্থন কৰে ৷
অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলক জিলা প্ৰশাসনৰ পৰা ফুলাম গামোছা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায়৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সকলোৱে সহযোগিতা কৰা বাবে ভাৰপ্ৰাপ্ত তথ্য ও জন সংযোগ বিষয়াগৰাকীয়ে সকলোলৈকে শলাগৰ শৰাই আগবঢ়াই শেষত ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷