ধেমাজিৰ কোলাপথাৰত গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি...

ধেমাজিৰ কোলাপথাৰত গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি...
Published on
Updated on

ডিজিটেল সংবাদ , ধেমাজিঃ  ধেমাজি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ  কোলাপথাৰ লখিমীনগৰ গাওঁত দেওবাৰে গাওঁখনৰ চাৰিওদিশে ৰাস্তাৰ কাষে কাষে এলানি গছপুলি ৰোপনৰ শুভাৰম্ভণি অনুষ্ঠিত  হয় । কোলাপথাৰ লখিমীনগৰ  উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিতএটি অৰ্জুন গছৰপুলি ৰোপনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ধেমাজি  আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৱে ৷

কোলাপথাৰ লখিমীনগৰ উন্নয়ন সমিতিৰ সম্পাদক অশ্বিনী কুমাৰ দুৱৰাই আঁতধৰা সভাখনি পৰিচালনা কৰে কোলাপথাৰ লখিমীনগৰ উন্নয়ন সমিতিৰ  সভাপতি ড° বনজিত ভট্টই ৷  ইয়াৰ আগে সভাপতি  গৰাকীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যাত দিনক দিনে  বৃদ্ধি হৈ অহা গোলকীয় উষ্ণতাৰ বিপৰীতে গাওঁখনিত সেউজীয়াকৰনৰ উদ্দেশ্যে ৰাস্তাৰ চাৰিওদিশে  অৰ্জুন, মহানিম ,বকুল আৰু দেৱদাৰু গছপুলি ৰোপনৰ সম্পৰ্কে অৱগত  কৰা লগতে লখিমীনগৰ উন্নয়ন সমিতিয়ে অঞ্চলটোৰ উন্নয়নৰ হকে সদায় সেৱা আগবঢ়ায় যোৱাই হৈছে উন্নয়ন সমিতিখনৰ মুখ্য লক্ষ্য উদ্দেশ্য বুলি  উল্লেখ কৰে ৷

অনুষ্ঠানত জিলা  আৰক্ষী অধীক্ষক গৰাকীয়ে বক্তব্যত কয় যে গাওঁবাসী ৰাইজে একত্ৰিত হৈ গাওঁখনৰ উন্নয়নৰ কাৰনে এইদৰে আগবাঢ়ি মাৰবান্ধি অহাটো তেওঁ সুন্দৰ পদক্ষেপ হৈছে বুলি প্ৰশংসা কৰে ৷ তেওঁ  ৰাইজক এইদৰে সদায়  একগোট হৈ থাকিবলৈ আহবান জনোৱা লগতে সমাজত সাধাৰণতে উদ্ভৱ হোৱা অসমাজিক  কাৰ্য্যকালাপৰ বিৰুদ্ধেও যুজঁ দিবলৈ সকলোকে আহবান জনায় ৷

সভাত  কোলাপথাৰ উন্নয়ন সমিতিৰ  উপদেষ্টা দ্বয় ডাঃ ভদ্ৰ লাগাছু  আৰু ড° আতাউৰ ৰহমান , উপ-সভাপতি যোগানন্দ বৰুৱা , মাৰ্ধুয্য গগৈ,শংকৰ পাল , ৰিদীপ ফুকন , মনোৰঞ্জন লাগাছু , দেৱজ্যোতি কলিতা,ৰিকুন দত্ত আৰু কৃষ্ণ বনিয়াকে ধৰি  সমিতিৰ অন্যান্য বিষয়ববীয়া সদস্য-সদস্যা সকলৰ লগতে গাওঁখনৰ যথেষ্ট সংখ্যক ৰাইজে প্ৰতিকুল বতৰকো নেওচি উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in