কঁপি উঠিল ধেমাজিঃ অনা-মিচিং সুৰক্ষা সমিতিৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী...

কঁপি উঠিল ধেমাজিঃ অনা-মিচিং সুৰক্ষা সমিতিৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
কঁপি উঠিল ধেমাজিঃ অনা-মিচিং সুৰক্ষা সমিতিৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী...

ডিজিটেল সংবাদ ,ধেমাজিঃ মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত ধেমাজি জিলাখনৰ বহুসংখ্যক অনা-মিচিং গাঁও অন্তৰ্ভুক্ত হোৱাক লৈ ধেমাজি জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টিৰ অবাহত আছে ৷ শুক্ৰবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজাৰলৈকে এঘন্টাতকৈ কৈ অধিক সময় ধৰি ধেমাজি জিলা অনা- মিচিং সুৰক্ষা সমিতিৰ উদ্যোগত ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক বিৰাট গণ সত্যাগ্ৰহ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় ৷

ধেমাজি ডি আৰ ডি এৰ প্ৰাংগণ আৰু পাব্লিক বাছ ষ্টেণ্ডৰ পৰা সুকীয়া- সকীয়াকৈ প্ৰায় দহ সহশাধিক দুয়োটা প্ৰতিবাদকাৰী ৰাইজে হাতে-হাতে বেনাৰ, পোষ্টাৰ , প্লে'কাৰ্ড লৈ মন্ত্ৰী ৰনোজ পেগু হায় হায় , ভুৱন পেগু হুচিয়াৰ , এম এ চিৰ পৰা অনা- মিচিং গাঁও শীঘ্ৰেই কৰ্তন কৰক , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ , আমি এম এ চিত নাথাকো , বিজেপি হুচিয়াৰ ,আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই , অনা-মিচিং এক হওক , আমাৰ দাবী মানিবই লাগিব , অনা-মিচিঙক সুৰক্ষা দিয়ক, প্ৰস্তাৱিত এম এ চিৰ সীমাৰ পৰা অনা-মিচিং গাওঁ আৰু কৃষি ভূমি সমূহ কৰ্তন কৰক, আমাৰ দাবী ন্যায্য দাবী ইত্যাদি শ্ল'গানেৰে ধেমাজিৰ ৰাজপথ কঁপাই তোলে ৷

উল্লেখ্য যে প্ৰতিবাদৰ সময়ত নগৰখনত স্বত : স্ফুৰ্তভাৱে বন্ধ হৈ পৰে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ ৷ ইফালে ক্ষুব্ধ প্ৰতিবাদীয়ে প্ৰখৰ ৰ'দকো নেউচি জিলা আয়ুক্তৰ কাৰ্য্যালয় সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথতে বহি দিয়াত ৰাষ্ট্ৰীয় ঘাই পথেৰে অহা যোৱা কৰা সকলো যান বাহন আৱদ্ধ হৈ বহুসময় ধৰি যান যঁট সৃষ্টি হয় ৷ ইফালে গণ সত্যাগ্ৰহ কাৰ্যসূচীত সন্মুখৰ পৰা অংশ লৈ অনা-মিচিং সুৰক্ষা সমিতিৰ শীৰ্ষ নেতা তথা সদৌ তাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ নামত মিচিং স্বায়ত্ত শাসিত পৰিষদে আনৰ অধিকাৰ খৰ্ব কৰিলে তাক কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট মন্তব্য কৰে ৷

তেওঁ কয় ২০০৪ চনৰ তদানীন্তন অসম চৰকাৰে জনগোষ্ঠীটোক ষষ্ঠ অনুসূচী প্ৰদানৰ ব্যৱস্থা গ্রহণৰ সময়ত অজনজাতীয় লোকসকলৰ সৱল নেতৃত্বত প্ৰৱল প্রতিবাদ সাব্যস্ত কৰাৰ ফলত উক্ত ব্যৱস্থা বাতিল কৰিবলৈ চৰকাৰ বাধ্য হৈছিল। বর্তমান মিচিং স্বায়ত্ত শাসনৰ ২০০৫ চনত প্রকাশিত ৰাজপত্র (Gajetter) খন সংশোধন ঘটাই এক কুটিল ৰাজনৈতিক ষড়যন্ত্র কৰি ২০২৪ চনৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ হেতু অনা- মিচিং সম্প্রদায়ৰ অজস্ৰ ৰাজহ গাঁও আৰু কৃষি ভূমিবিলাক নীতি বর্হিভূতভাৱে প্রকাশিত খচৰা তালিকাত অন্তর্ভুক্ত কৰি ষষ্ঠ অনুসূচীৰ আওতালৈ আনিবলৈ কৰা হঠকাৰী সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰে ৷

বক্তব্যত তেওঁ তথ্যসহকাৰে অভিযোগ কৰি কয় যে যিসমূহ ৰাজহ গাঁও আৰু কৃষিভূমি খচৰাত অন্তর্ভুক্ত কৰা হৈছে সেই সমূহত মিচিং জনবসতি একেবাৰে সেৰেঙা অথবা নাইয়ে বুলি উল্লেখ কৰে ৷ তেনেস্হলত অনা-মিচিং গাঁও সমূহ মিচিং পৰিষদত বলপূৰ্বকভাৱে অন্তৰ্ভুক্ত কৰাৰ কাৰ্যক কোনোপধ্যে মানি ল'ব নোৱাৰি বুলি কয় ৷ চিলাপথাৰ কেন্দ্ৰীয় জনগোষ্ঠীয় সুৰক্ষা সমিতিৰ উপ -সভাপতি দুলাল বৰুৱাই ২০০৫ চনত এম এ চিত স্বায়ত্ত শাসিত গাঁওসমূহক ভিলেজ কাউন্সিল হিচাপে উল্লেখ কৰিছিল ৷ তাৎপৰ্যপূৰ্ণ যে এইবাৰ প্ৰস্তাৱিত খছৰাত অনা-মিচিং গাঁও আৰু অজনজাতীয় লোকৰ কৃষিভূমিসমূহ এলেকা হিচাপে সাঙুৰি ল'বলৈ ভয়ংকৰভাৱে প্ৰয়াস কৰিছে।

উল্লেখ্য যে ২০০৫ চনত চৰকাৰৰ ৰাজপত্র প্ৰকাশ কৰা অনুসৰি কৌৰ ( Core) আৰু চেটেলাইট ( Satelite) পদ্ধতিৰে স্বায়ত্ত শাসন গঠন কৰাত আমাৰ কাৰো দ্বি-মত বা আপত্তি নাছিল ৷ অতি তাৎপৰ্যপূৰ্ণ বিষয় যে ২০২৪ ৰ ৰাজপত্রত প্ৰকাশ পোৱা অনুসৰি স্বায়ত্ত শাসন প্রৱর্তন কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতি অনা-মিচিং ৰাইজে প্ৰৱল আপত্তি কৰিবলৈ বাধ্য হৈ পৰিছে ৷ এনে হঠকাৰী ব্যৱস্থাই মিচিং আৰু অনা-মিচিং লোকসকলৰ মাজত আবহমান কালৰেপৰা চলি থকা সম্প্রীতি আৰু আত্মীয়তাত ঘূণে ধৰাৰ লগতে অনাকাংক্ষিত সংঘাত সৃষ্টি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। বক্তব্যত ক্ষুব্ধ নেতাজনে এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত উভয় সম্প্ৰদায়ৰ মাজত অবাঞ্চিত সংঘাত বা দ্বন্দ্বৰ সৃষ্টি হ'লে শাসনাধিষ্ঠিত বিজেপি চাৰকাৰখনেই জগৰীয়া হ'ব বুলি কঠোৰভাৱে সকিয়াই দিয়ে।

ইফালে অনা-মিচিং সুৰক্ষা সমিতিৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোহাঁই আৰু কাৰ্যকৰী সভাপতি ভৱিষ্য দিহিঙীয়াই ২০১৩ আৰু ২০১৯ চনৰ তালিকাৰ ভিত্তিত মিচিং স্বায়ত্ত পৰিষদ গঠন কৰাৰ দাবী জনায় ৷ ইপিনে প্ৰতিবাদত অংশ গ্ৰহণ কৰা চিলাপথাৰ কেন্দ্ৰীয় জনগোষ্ঠীয় সুৰক্ষা সমিতিৰ সভাপতি তিলক ফুকনে জিলাখনৰ সংখ্যাগুৰু অনা-মিচিঙৰ ৰাজনৈতিক অধিকাৰ চৰকাৰে হৰণ কৰিবলৈ বিচৰা কাৰ্যক কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে আৰু অনা-মিচিঙক অন্ধকাৰত ৰাখি কৌশলেৰে অনা-মিচিঙৰ অঞ্চলসমূহ মিচিং পৰিষদীয় সমষ্টিত গোপনে অন্তৰ্ভুক্ত কৰাৰ এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি তীব্ৰ বিৰোধিতা কৰে ৷

চৰকাৰে মিচিং জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ গৈ অন্য জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিবলৈ লোৱাৰ কাৰ্যক কেতিয়াও মানি লব নোবাৰিম বুলি হংকাৰ দিয়ে ৷ কাৰ্য্যসূচীৰ অন্তত ধেমাজি জিলা অনা-মিচিং সুৰক্ষা সমিতিয়ে ধেমাজি জিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ সদৌ তাই আহোম ছাত্ৰ, সন্হা ,চিলাপথাৰ কেন্দ্ৰীয় জনগোষ্ঠীয় সুৰক্ষা সমিতি , গোগামুখৰ অনা মিচিং ঐক্য মঞ্চ , বৃহত্তৰ দক্ষিণ ধেমাজি অনা মিচিং সুৰক্ষা সমিতি , বৃহত্তৰ মাছখোৱা অমিচিং সুৰক্ষা সমিতি , অসম গোৰ্খা সন্মিলন ধেমাজি জিলা সমিতি , ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্হা , সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যেন , ধেমাজি জিলা নাথ যোগী ছাত্ৰ সন্হা , ধেমাজি জিলা দেউৰী ছাত্ৰ সন্হাকে ধৰি মুঠ ১৬ টা বিভিন্ন জনগোষ্ঠীয় দল _ সংগঠনে স্বাক্ষৰিত স্মাৰকপত্ৰখনত সুৰক্ষা সমিতিয়ে ২০১৩ আৰু ২০১৯ৰ তালিকাৰ ভিত্তিত ২০২৪ত মিচিং স্বায়ত্ত্ব শাসন পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰা দাবী জনায় ৷

ধেমাজি